/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/Samy-SM32-K5500-HD-LED-TV-7.jpeg)
ডিজিটেল ডেস্কঃ দেশৰ ডিজিটেল পৃথিৱীত আমূল পৰিৱৰ্তন। এইবাৰ গাড়ী, বাইক নহয় দেশৰ বজাৰত মুকলি হ'ল সবাতোকৈ কম মূল্যৰ অন্য এবিধ অতি প্ৰয়োজনীয় সামগ্ৰী। সামগ্ৰী বিধ হ'ল টিভি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/1548857238-Sonali_Phogat_with_directer_Avinash_mehta_at_the_launch_event_2.jpg)
দেশৰ বজাৰত মুকলি কৰা হ'ল পৃথিৱীৰ সবাতোকৈ কম মূল্যৰ এনড্ৰইড টিভি। এটা স্মাৰ্ট টিভিত থাকিব লগীয়া সকলো খিনি সুবিধা উপলদ্ধ হ'ব টিভিটোত। প্ৰয়োজনত আপোনাৰ হাতৰ ম'বাইলৰ সৈতেও সংযোগ কৰিব পাৰিব টিভিটো। এই অত্যাধুনিক টিভিটোৰ মূল্য মাত্ৰ ৪৯৯৯ টকা। samy informatics pvt. LTD নামৰ এটা প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিয়াইছে এই টিভিতো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/smart-tv_2019013109474758_650x.jpg)
স্মাৰ্ট টিভিটোৰ স্কীণৰ দৈৰ্ঘ্যৰ ৩২ ইঞ্চি। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই প্ৰতিষ্ঠানটোৱেও ৬৯৯৯ টকাত গ্ৰাহক বাবে মুকলি কৰিছিল এটা টিভি। বিশ্বৰ সবাতোকৈ কম মূল্যৰ এই টিভিতো ক্ৰয়ৰ বাবে গ্ৰাহকে এক প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব-
১/ প্ৰথমে গ্ৰাহকৰ ফোনত ছেমী এপ ডাইনলড কৰিব লাগিব।
২/ ইয়াৰ পিছতে আধাৰ অথবা ফোন নম্বৰ প্ৰদান কৰি অ টি পি নম্বৰ ডাইল কৰক।
৩/ ইয়াৰ পাছতে পঞ্জীয়ন কৰিবৰ বাবে নাম, ই মেইল, পৰিছয় আৰু পাৰ্চৱড প্ৰদান কৰক।
৪/ ছেমী টিভিৰ ৪৯৯৯ টকাৰ শিতানত ক্লিক কৰক।
৫/ ইয়াৰ পাছতে বুকিঙৰ বুটামত ক্লিক কৰি বুকিং কৰিব পাৰিব এই টিভিটো।