বজাৰলৈ Samsungৰ নতুন ম’বাইল Galaxy note 9

বজাৰলৈ Samsungৰ নতুন ম’বাইল Galaxy note 9

author-image
asomiyapratidin
New Update
বজাৰলৈ Samsungৰ নতুন ম’বাইল Galaxy note 9

ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ ইলেক্ট্ৰনিক কোম্পানী ছেমছাঙে ৯ আগষ্টত মুকলি কৰে অন্য এক স্মাৰ্টফোন Galaxy note 9। ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৮:৩০ বজাত আমেৰিকাৰ নিউয়ৰ্কত মুকলি কৰা হ'ব অত্যাধুনিক তথা আকৰ্ষণীয় ফোনটো।

Advertisment

ভাৰতবৰ্ষত এই ফোনটো কেতিয়া মুকলি কৰা হ'ব সেই সম্পৰ্কে কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। আগ্ৰহী গ্ৰাহকসকলে ফোনটো আগতীয়াকৈ বুকিং কৰিব পাৰিব ইণ্টাৰনেটৰ যোগেৰে।

ছেমছাঙৰ এই নতুন ফোনটোত আছে ৫১২ জি বি ইন্টাৰনেল মেমৰী, যি সুবিধা বৰ্তমান পৰ্যন্ত কোনো স্মাৰ্ট ফোনতেই দিয়া নাই। ইয়াৰ লগতে ৪০০০ mAh পাৱাৰ বেটাৰী আৰু ৰিৰ্মট কণ্ট্ৰল কৰিব পৰা ব্যৱস্থাও উপলব্ধ থাকিব ফোনটোত।

৬.৪ ইঞ্চিৰ স্কীন, ১২+১২ এম পিৰ ডাবল ৰিয়েৰ কেমেৰা, ৮ এম পি ৰ ফ'ন্ট কেমেৰাৰ এই ফোনটো ১৯ আগষ্টৰ পৰা ভাৰতবৰ্ষৰ লোকে বুকিং কৰিব পাৰিব বুলি জনা গৈছে।