Advertisment

উৎসৱৰ বতৰত ভাৰতত দুচকীয়া বাহনৰ বিক্ৰী বৃদ্ধি পালে ১৪ শতাংশ...

যোৱা ৩ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ উৎসৱৰ বতৰত ভাৰতত দুচকীয়া বাহনৰ খুচুৰা বিক্ৰী ১৪ শতাংশ বৃদ্ধি হৈছে। এই বিক্ৰী উৎসৱৰ বতৰত সৃষ্টি হোৱা আনন্দমুখৰ পৰিবেশ আৰু গ্ৰাম্য চাহিদাৰ উন্নতিৰ দ্বাৰা সম্ভৱ হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
দুচকীয়া বাহনৰ বিক্ৰী বৃদ্ধি

ডিজিটেল ডেস্কঃ যোৱা ৩ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ উৎসৱৰ বতৰত ভাৰতত দুচকীয়া বাহনৰ খুচুৰা বিক্ৰী ১৪ শতাংশ বৃদ্ধি হৈছে। এই বিক্ৰী উৎসৱৰ বতৰত সৃষ্টি হোৱা আনন্দমুখৰ পৰিবেশ আৰু গ্ৰাম্য চাহিদাৰ উন্নতিৰ দ্বাৰা সম্ভৱ হৈ উঠিছে।

Advertisment

ক্ৰেডিট ৰেটিং ফাৰ্ম আই চি আৰ এ-য়ে কৈছে যে বিত্তীয় বৰ্ষ-২৫ ত দুচকীয়া বাহনৰ পাইকাৰী বিক্ৰী মুঠ ১১ ৰ পৰা ১৪ শতাংশ বৃদ্ধি হ’ব। প্ৰতিবেদনখনত কোৱা হৈছে যে, "উৎসৱৰ বতৰত যাত্ৰীবাহী বাহনৰ বিক্ৰী ৬ শতাংশ বৃদ্ধি হৈছে। এই সময়ত বিক্ৰী হৈছে মুঠ ৬.৫ লাখ ইউনিট বাহন।

অৱশ্যে, ভাল খুচুৰা বিক্ৰী স্বত্বেও উদ্যোগটোত উচ্চ ইনভেণ্টৰী স্তৰৰ বাবে পাইকাৰী বিক্ৰীৰ বৃদ্ধি কিছু পৰিমাণে হ্ৰাস হৈছে।

ডিলাৰসমূহে জনাইছে যে তেওঁলোকৰ কাষলৈ যথেষ্ট গ্ৰাহকৰ আগমন ঘটিছে আৰু বুকিং কৰিছে।উৎসৱৰ এই সময়ত অৰ্ধ-নগৰ আৰু গ্ৰাম্য এলেকাত বিক্ৰী বৃদ্ধি হৈছে।উৎসৱৰ বতৰৰ আৰম্ভণিৰ পৰাই বজাৰত চাহিদা যথেষ্ট বৃদ্ধি হৈছিল। দেৱালীৰ সময়ত চাহিদা আছিল সৰ্বাধিক।

অক্টোবৰত, দেশত মুঠ দুচকীয়া বাহনৰ বিক্ৰী ১৪.২ শতাংশ বৃদ্ধি হৈছে। এই সময়ত বিক্ৰী হৈছে মুঠ ২১.৬৪ লাখ ইউনিট। ২০২৩ ৰ অক্টোবৰত এই সংখ্যা আছিল ১৮.৯৬ লাখ।

অক্টোবৰত যাত্ৰীবাহী বাহনৰ বিক্ৰীও ৩.৯৩ লাখ ইউনিটত উপনীত হৈছে। যি অক্টোবৰ ২০২৩ ত আছিল ৩.৯ লাখ। বজাৰ বিশ্লেষকসকৰ মতে দুচকীয়া বাহনৰ বিক্ৰী বৃদ্ধিৰ মুখ্য কাৰণ হৈছে গ্ৰাম্য উপাৰ্জন বৃদ্ধি। যি এই বছৰৰ স্বাভাৱিক বাৰিষা আৰু ভাল শস্য উৎপাদনৰ ফল।

 

দুচকীয়া বাহন বাইক