/asomiyapratidin/media/media_files/2025/02/04/w3yYUKS7T3tQmKgGN4Bl.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় মুদ্ৰাৰ মূল্য ডলাৰৰ তুলনাত ধাৰাবাহিকভাৱে পতনৰ অব্যাহত আছে। প্ৰথমবাৰৰ বাবে সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি ভাৰতীয় টকাৰ মূল্য এক ডলাৰৰ বিপৰীতে ৮৭.১৯ টকালৈ পতন হৈছে। ডলাৰৰ বিপৰীতে টকাৰ এনে পতনে ভাৰতীয় অৰ্থনীতিৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা ৫ ৰ পৰা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত মুদ্ৰা নীতিৰ পৰ্যালোচনাৰ কৰিবলৈ এক বৈঠক অনষ্ঠিত হ’ব। এই বৈঠকৰ ওপৰত এতিয়া দেশৰ অৰ্থনীতিবিদসকলৰ দৃষ্টি নিবদ্ধ থাকিব।
বিশেষজ্ঞসকলৰ মতে ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে এনেদৰে পতনৰ মূলতে দুটা কাৰণ চিনাক্ত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নীতি আৰু বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগ বিক্ৰীৰ প্ৰৱণতা।
উল্লেখ্য যে, ট্ৰাম্পে কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুক্ল আৰু চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুক্ল আৰোপ কৰিছে। ইয়াৰ ফলত বিশ্বজুৰি বাণিজ্যিক অস্থিৰতাই দেখা দিছে। মন কৰিবলগীয়া যে, মেক্সিকোৰ পৰা আমেৰিকালৈ ৰপ্তানি প্ৰায় ৮৪০ বিলিয়ন ডলাৰ আৰু চীনৰ পৰা ৪০০ বিলিয়ন ডলাৰ।
উল্লেখ্য যে, ট্ৰাম্পৰ এনে নীতিৰ বাবেই চীনৰ মুদ্ৰা Yuan ৰো পতন হৈছে। কিন্তু ভাৰতীয় মুদ্ৰাৰ পতনে সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে। এনে পৰিস্থিতিত অৱশ্যে একাংশ অৰ্থনীতিবিদে দাবী কৰিছে ভাৰতীয় মূল্যৰ পতন ধ্বংসাত্মক নহয়। যদিহে বিশ্বজুৰি দেখা দিয়া কাৰকসমূহ বিবেচনা কৰা হয়।
ভাৰতৰ টকাৰ পতনৰ ক্ষেত্ৰত বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগ (এফ আই আই) এতিয়া ইতিবাচক দিশত নাই। যোৱা বছৰৰ অক্টোবৰৰ পৰা এফ আই আইয়ে বিক্ৰী অব্যাহত ৰাখিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিলৰ পাছতে এফ আই আইয়ে ১,৩২৭ কোটিৰ ইকুইটি বিক্ৰী কৰিছে।
তাৰোপৰি ২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত এফ আই আইৰ দ্বাৰা ১১ বিলিয়ন ডলাৰ ইকুইটি বক্ৰীয়ে ভাৰতীয় টকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। ইয়াৰ উপৰিও, ৰপ্তানিতকৈ আমদানি বৃদ্ধি হোৱাৰ বাবে বাণিজ্যিক ঘাটি বৃদ্ধি হৈছে। চলিত বিত্তীয় বৰ্ষত বাণিজ্য ঘাটি ১৮৮ বিলিয়ন ডলাৰত উপনীত হৈছে। এই বাণিজ্যিক ঘাটি আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সকলোবোৰ কাৰকে ভাৰতীয় মুদ্ৰাৰ ওপৰত চাপ সৃষ্টি কৰিছে। সেয়ে যোৱা ১০ মাহত টকাৰ মূল্য ৩.৬ শতাংশ হ্ৰাস পাইছে।
ডলাৰৰ বিপৰীতে টকাৰ মূল্য এনেদৰে হ্ৰাস হলেও অৱশ্যে ইয়াত কিছু ইতিবাচক দিশো দেখা পাইছে বিশেষজ্ঞসকলে। বিশেষকৈ প্ৰবাসী ভাৰতীয়সকলৰ বাবে ই লাভজনক হৈ পৰিছে। কিয়নো বিদেশী মুদ্ৰাৰ বিনিময়ত অধিক টকা উপলব্ধ হৈছে। ইয়াৰ উপৰিও, ৰপ্তানিকৰ্তাসকলেও বিশ্ববজাৰৰ পৰা অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ইয়াৰ প্ৰধাৰ ঋণাত্মক দিশটো হ'ল আমদানিৰ ব্যয় বৃদ্ধি হ'ব। বিশেষকৈ, খাৰুৱা তেল আমদানিৰ ব্যয় বৃদ্ধি হ'ব। টকাৰ এনে পতনে উৎপাদন আৰু আমদানিকৃত মুদ্ৰাস্ফীতিৰ ব্যয় আৰু অধিক বৃদ্ধি কৰিব।