ৰয়েল এনফিল্ডৰ গৰাকীয়ে কোম্পানীক ঘূৰাই দিব লাগিব ৭০০০ বাইক…

ৰয়েল এনফিল্ডৰ গৰাকীয়ে কোম্পানীক ঘূৰাই দিব লাগিব ৭০০০ বাইক…

author-image
asomiyapratidin
New Update
ৰয়েল এনফিল্ডৰ গৰাকীয়ে কোম্পানীক ঘূৰাই দিব লাগিব ৭০০০ বাইক…

ডিজিটেল ডেস্কঃ ৰয়েল এনফিল্ডৰ গৰাকীয়ে ঘূৰাই দিবলগীয়া হ'ব পাৰে তেওঁলোকৰ বাইকসমূহ। আগশাৰীৰ বুলেট নিৰ্মাতা প্ৰতিষ্ঠান ৰয়েল এনফিল্ডে লৈছে নতুন সিদ্ধান্ত। প্ৰতিষ্ঠানটোৱে ঘূৰাই লোৱাৰ সিদ্ধান্ত লৈছে বুলেট আৰু বুলেট ইলেক্ট্ৰা মডেল। ব্ৰেক কেলিপাৰ বল্ট মেৰামতিৰ বাবে বাইকসমূহ ঘূৰাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

২০১৯ৰ ২০ মাৰ্চ আৰু ৩০ এপ্ৰিলৰ ভিতৰত নিৰ্মাণ কৰা ৭০০০ খন বুলেট ঘূৰাই ল'ব ৰয়েল এনফিল্ডে। উল্লেখ্য যে, এখন বাইকৰ অত্যাৱশ্যকীয় অংগ হৈছে এই ব্ৰেক কেলিপাৰ বল্ট। প্ৰতিষ্ঠানটোৱে ইতিমধ্যে বাহনৰ গৰাকীৰে যোগাযোগ কৰি আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া।