/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/500x-enfield.jpg)
ডিজিটেল ডেস্কঃ বাইক প্ৰেমীসকলৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ভাৰতীয় বজাৰত মুকলি হ'ল ৰয়েল এনফিল্ডৰ থান্ডাৰবাৰ্ড ৫০০এক্স। এণ্টি-লক ব্ৰেক ছিষ্টেমযুক্ত এই নতুন এনফিল্ডৰ দাম ২.১৩ লাখ টকা। ইতিমধ্যে আৰম্ভ হৈছে থান্ডাৰবাৰ্ড ৫০০এক্সৰ বুকিং।
সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ বাদে অৱশ্যে নতুন এনফিল্ডখনত আন কোনো পৰিৱৰ্তন কৰা হোৱা নাই। ইয়াত আছে ৪৯৯ চিচি চিংগল চিলিণ্ডাৰ, ২৭bhpৰ ফুৱেল ইঞ্জিন আৰু ৪১Nm পিকটর্ক। ডিস্ক নিয়ন্ত্ৰিত ব্ৰেক সম্বলিত মটৰ চাইকেলখনত আছে ৫ স্পীডৰ গিয়েৰ-বক্স।
উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত ৩৫০ ছিগনেল এডিশ্যন আৰু ক্লাচিক ৫০০ হিমালয়ান এডিশ্যন মুকলি কৰিছিল ৰয়েল এনফিল্ডে। আনহাতে যোৱা মাহতে থান্ডাৰবাৰ্ড ৩৫০তো এণ্টি-লক ব্ৰেক ছিষ্টেম সংলগ্ন কৰা হৈছিল।
এণ্টি-লক ব্ৰেক ছিষ্টেমৰ বাবেই তুলনামূলকভাৱে থান্ডাৰবাৰ্ড ৫০০এক্সৰ দাম বৃদ্ধি পাইছে বুলি অনুমান কৰা হৈছে। ইয়াৰ লগতে ভাৰতৰ বজাৰত উপলব্ধ ৰয়েল এনফিল্ডৰ আটাইতকৈ দাবী মটৰ চাইকেল হিচাপেও পৰিগণিত হৈছে থান্ডাৰবাৰ্ড ৫০০এক্স।