জিঅ’ই দিছে ভাল খবৰ! এই সকল গ্ৰাহকৰ সকলো সেৱা ফ্ৰী….

জিঅ’ই দিছে ভাল খবৰ! এই সকল গ্ৰাহকৰ সকলো সেৱা ফ্ৰী….

author-image
asomiyapratidin
New Update
আজিয়ে ডাউনলোড কৰক, জিঅ’ৰ নতুন সংযোজন…

ডিজিটেল ডেস্কঃ জিঅক লৈ এতিয়া সকলোতে আলোচনা। ছচিয়েল মিডিয়াতো জিঅক লৈ একাংশই কৰিছে তীব্ৰ সমালোচনা। প্ৰথমে মাহেকীয়া ৰিৰ্ছাজেৰে সকলো সুবিধা দিয়া জিঅই হঠাতে লোৱা এক সিদ্ধান্তই কিছু পৰিমাণে হলেও গ্ৰাহকক বিপাঙত পেলাইছে। ইতিমধ্যে জিঅই ঘোষণা কৰিছে যে জিঅৰ বাহিৰে অন্য নম্বৰলৈ কল কৰিলে জিঅৰ গ্ৰাহকে প্ৰতিমিনিটত ভৰিব লাগিব ৬ পইচাকৈ।

Advertisment

জিঅৰ এই ঘোষণাৰ পাচতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ। সকলোৰে মনত এটাই প্ৰশ্ন যে, কেতিয়াৰে পৰা এই নিয়ম প্ৰযোজ্য কৰিব জিঅই। গ্ৰাহক সকলৰ মাজত থকা এই উৎকন্ঠাৰ অন্ত পেলাই শেষত জিঅউ স্পষ্ট কৰিলে যে, ৯ অক্টোবৰৰ পূৰ্বে ৰিছাৰ্জ কৰা সকলে এই প্লেন বৈধতা শেষ নোহোৱা লৈকে পূৰ্বৰ সুবিধা সমূহে উপভোগ কৰিব পাৰিব। কিন্তু এই ৰিছাৰ্জৰ সময়সীমা অন্ত হলেই নতুন নিয়মেৰে ৰিছাৰ্জ কৰিব লাগিব গ্ৰাহকে।