অসমত জিঅ’ৰ আধিপত্য! ৰাজহৰ ক্ষেত্ৰত সকলোকে চেৰাই শীৰ্ষত জিঅ’…

অসমত জিঅ’ৰ আধিপত্য! ৰাজহৰ ক্ষেত্ৰত সকলোকে চেৰাই শীৰ্ষত জিঅ’…

author-image
asomiyapratidin
New Update
অসমত জিঅ’ৰ আধিপত্য! ৰাজহৰ ক্ষেত্ৰত সকলোকে চেৰাই শীৰ্ষত জিঅ’…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো জিঅ'ৰ আধিপত্য। শেহতীয়াকৈ TRAIয়ে প্ৰকাশ কৰা এক তথ্যনুসৰি চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাহীত অসমত জিঅ'ৰ ৰাজহৰ পৰিমাণ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। টেলিকম ক্ষেত্ৰখনত ২০১৯ৰ ছেপ্তেম্বৰৰ লৈকে দ্বিতীয়টো ত্ৰিমাহীত জিঅ'ৰ পৰা অসমে প্ৰায় ৪২.৩ শতাংশ ৰাজহ সংগ্ৰহ কৰিছে। উল্লেখ্য যে, প্ৰথমটো ত্ৰিমাহীত ইয়াৰ পৰিমাণ আছিল ৪২ শতাংশ।

Advertisment

অসমৰ ৰাজহৰ ক্ষেত্ৰত বিগত বৰ্ষত জিঅ'ৰ অৱদান আছিল প্ৰায় ৩৬.৯ শতাংশ। জিঅ'ৰ এই উত্থানৰ বিপৰীতে অসমৰ টেলিকম ক্ষেত্ৰখনত পিছ পৰি ৰৈছে ভোডাফোন-আইডিয়া। বিগত ১২ টা ত্ৰিমাহীত এই প্ৰতিষ্ঠানৰ ৰাজহৰ পৰিমাণ ১৬.৫ শতাংশ হ্ৰাস পাইছে। আনফালে ৩৫.১ শতাংশৰে পূৰ্বৰ স্থিতিতে অটল আছে এয়াৰটেল। বি এছ এন এলৰ ৰাজহৰ পৰিমাণো বিগত ত্ৰিমাহীত ৪.৫ শতাংশৰ পৰা হৈছেগৈ ৬.১ শতাংশ।

প্ৰণিধানযোগ্য যে, জিঅ'ৰ 4G LTE নেটৱৰ্কে অসমৰ প্ৰায় ৯৫ শতাংশ লোকক সাঙুৰি ৰাখিছে। ২১৭ খন চহৰ আৰু ২৪ হাজাৰতকৈ অধিক গাঁৱত জিঅ'ৰ যোগাযোগ এতিয়া সুচলভাৱে চলি আছে। ইয়াৰোপৰি বহু পিছপৰা অঞ্চলত জিঅ'ৰ মিনি ষ্টৰ আদিৰ জৰিয়তে গ্ৰাহকৰ সমস্যাৰাজিৰ ওপৰতো নজৰ ৰখা হৈছে। জিঅ'ৰ কতৃপৰ্ক্ষই সদৰি কৰা অনুসৰি অসমত জিঅ'ৰ গ্ৰাহকৰ সংখ্যা ৯৯ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখি তেওঁলোকে বিভিন্ন পৰিকল্পনা যুগুত কৰিছে।