/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/khusura-poisa.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰিজাৰ্ভ বেংকৰ পৰা আহিছে এটা ভাল খবৰ। যোৱা ২৬ জুন, বুধবাৰে আৰ বি আইয়ে ঘোষণা কৰিছে যে, বৰ্তমান দেশত প্ৰচলিত সকলো মুদ্ৰাই বৈধ আৰু এই মুদ্ৰা প্ৰচলনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই।
উল্লেখ্য যে, কিছুবছৰৰ পূৰ্বে আৰ বি আইয়ে প্ৰচলন কৰা ১০ টকীয়া নোটৰ প্ৰচলনক লৈ বিভিন্ন বিৰ্তকৰ সুত্ৰপাত হৈছিল। বহুলোকে এই মুদ্ৰা ল'বলৈ অস্বীকাৰো কৰিছিল।কিন্তু শেহতীয়াকৈ আৰ বি আইৰ এই সিদ্ধান্তক আদৰণি জনাইছে সমূহ দেশবাসীয়ে।
ৰিজাৰ্ভ বেংকে লগতে দেশৰ জনতাক অনুৰোধ জনাইছে যে, বিভিন্ন মুদ্ৰাৰ প্ৰচলনক লৈ বিভিন্ন সময়ত যি উৰাবাতৰি সৃষ্টি হয় ,সেই উৰাবাতৰিক যাতে গুৰুত্ব নিদিয়ে।