অচল হ’ব নেকি বৰ্তমানৰ ২০০ আৰু ৫০০ টকীয়া নোট…

অচল হ’ব নেকি বৰ্তমানৰ ২০০ আৰু ৫০০ টকীয়া নোট…

author-image
asomiyapratidin
New Update
অচল হ’ব নেকি বৰ্তমানৰ ২০০ আৰু ৫০০ টকীয়া নোট…

ডিজিটেল ডেস্কঃ অচিৰেই ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব নতুন ২০০ আৰু ৫০০ টকীয়া নোট। বেংকটোৱে টুইটাৰযোগে সদৰী কৰিছে এই তথ্য। এই নতুন নোটত থাকিব আৰ বি আইৰ বৰ্তমানৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ স্বাক্ষৰ। বৰ্তমান দেশত প্ৰচলিত হৈ থকা ২০০ আৰু ৫০০ টকীয়া নোটত স্বাক্ষৰ আছে পূৰ্বৰ গৱৰ্নৰ উৰ্জিত পেটেলৰ।

আৰ বি আইৰ টুইটাৰ পোষ্ট
আৰ বি আইৰ টুইটাৰ পোষ্ট

আৰ বি আইয়ে সদৰী কৰিছে যে, পূৰ্বৰ নোট সমূহতকৈ এই নতুন নোটৰ বিশেষ কোনো পৰিৱৰ্তন নহয়। মহাত্মা গান্ধীৰ চিৰিজতে নিৰ্মাণ কৰা হ'ব নতুন ২০০ আৰু ৫০০ টকীয়া নোট। ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে, বজাৰলৈ এই নতুন আহিলেও পুৰণি ২০০ আৰু ৫০০ টকীয়া নোটৰ প্ৰচলন অব্যাহত থাকিব।