Advertisment

ভাৰতৰ অৰ্থনীতি যিকোনো বিশ্বব্যাপী প্ৰভাৱৰ সন্মুখীন হ'বলৈ সাজু...

RBI ৰ গৰ্ভনৰ শক্তিকান্ত দাসে এক অনুষ্ঠানত কয় যে, ভাৰতীয় অৰ্থনীতি আৰু বিত্তীয় খণ্ড এতিয়া বিশ্বব্যাপী সংঘটিত যিকোনো ঘটনাৰ পৰা পৰিব পৰা প্ৰভাৱক প্ৰতিহত কৰিবলৈ যথেষ্ট শক্তিশালী।

author-image
Asomiya Pratidin
New Update
আৰ বি আইৰ গভৰ্নৰ

ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া (আৰ বি আই)ৰ গৰ্ভনৰ শক্তিকান্ত দাসে শনিবাৰে এক অনুষ্ঠানত কয় যে, ভাৰতীয় অৰ্থনীতি আৰু বিত্তীয় খণ্ড এতিয়া বিশ্বব্যাপী সংঘটিত যিকোনো ঘটনাৰ পৰা পৰিব পৰা প্ৰভাৱক প্ৰতিহত কৰিবলৈ যথেষ্ট শক্তিশালী। তেওঁ কয় যে, ভাৰতৰ বাহ্যিক খণ্ড শক্তিশালী আৰু দেশৰ বৰ্তমানৰ একাউণ্টিং ঘাটি ১.১ শতাংশৰ ভিতৰতে সীমিত আৰু নিয়ন্ত্ৰিত। 

Advertisment

কোচি ইণ্টাৰনেচনেল ফাউণ্ডেছনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ পুনৰ কয়, আজি ভাৰতে অৰ্থনীতিৰ বৃদ্ধি শক্তি আৰু স্থিতিশীলতাৰ এক চিত্ৰ তুলি ধৰিছে। তেওঁ আৰু কয়, ২০১০ আৰু ২০১১ চনত দেশৰ অৰ্থনীতি বৃদ্ধি আছিল ৬ ৰ পৰা ৭ শতাংশ।

দাসে কয়, ভাৰতে বিশ্বৰ অন্যতম বৃহৎ বিনিময় মুদ্ৰাৰ জমা ৰাখিছে। ইয়াৰ পৰিমাণ ৬৭৫ বিলিয়ন মাৰ্কিন ডলাৰ। মুদ্ৰাস্ফীতিৰ প্ৰসংগত তেওঁ কয়, মুদ্ৰাস্ফীতি কিছু সময়ৰ মূৰে মূৰে উচ্চতালৈ আহিলেও ই তুলনামূলকভাৱে মধ্যম অৱস্থাতে থাকিব। 

তেওঁ অক্টোবৰ মাহত ভাৰতৰ মুদ্ৰাস্ফীতিৰ হাৰ ৬.২ শতাংশত উপনীত হোৱাৰ কাৰণ হিচাপে খাদ্য মুদ্ৰাস্ফীতিৰ কথা উল্লেখ কৰে। তেওঁ মুদ্ৰাস্ফীতিক ঘৰৰ ভিতৰৰ এটা হাতিৰ সৈতে তুলনা কৰে আৰু কয় হাতিটো এতিয়া বাহিৰলৈ উলিয়াই দিয়া হৈছে এতিয়া সি হাবিলৈ ঘূৰি যাব।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আৰম্ভণিৰ পৰা মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ প্ৰসংগত গৰ্ভনৰ গৰাকীয়ে কয়, তেতিয়া আমি ঋণাত্মক সুতৰ হাৰ এৰি চলিছিলো। বহু দেশত মুদ্ৰাস্ফীতি দীঘলীয়া হৈ আহিছে, কিন্তু আমাৰ মুদ্ৰাস্ফীতি এতিয়া মধ্যমীয়া।

তেওঁ কয় আমি সুতৰ হাৰ ৪ শতাংশ ৰাখিছো। ইয়াৰ ফলত আমাৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ অনেক সহজ হৈছে। তেওঁ ভাৰতৰ সেৱা খণ্ড আৰু অন্যান্য খণ্ডৰ আন্তঃগাঁথনি সংস্কাৰৰ সন্দৰ্ভত কয়, আৰ বি আইয়ে ইনিফাইড পেমেণ্টছ ইণ্টাৰফেছ (UPI) আৰু ইউনিফাইড লেণ্ডিং ইণ্টাৰফেছ (ULI)ৰ দৰে নতুন উদ্ভাৱনৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগী তথা কৃষকৰ বাবে ঋণ প্ৰদান ব্যৱস্থাৰ পৰিবৰ্তন কৰিবলৈ আগবাঢ়িছে।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া