সমাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তামুলী অধ্যায়, নিলম্বনৰ নিৰ্দেশ ৰাজ্যপালৰ…

সমাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তামুলী অধ্যায়, নিলম্বনৰ নিৰ্দেশ ৰাজ্যপালৰ…

author-image
asomiyapratidin
New Update
সমাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তামুলী অধ্যায়, নিলম্বনৰ নিৰ্দেশ ৰাজ্যপালৰ…

ডিজিটেল ডেস্কঃ অৱশেষত নিলম্বন কৰা হ'ল  ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰঞ্জিত তামুলীক।ৰাজ্যপাল আচাৰ্য জগদীশ মুখীয়ে নিলম্বন কৰিছে বিশ্ববিদ্যালয়ত ৰঞ্জিত তামুলীক।বিত্তীয় অনিয়মৰ অভিযোগত নিলম্বন কৰা হ'ল উপচাৰ্যগৰাকীক।

উল্লেখ্য যে, ২০১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল ৰঞ্জিত তামুলীয়ে। সকলোৱে আশা কৰিছিল যে উত্তৰ পূৱৰ গৰিমামণ্ডিত বিশ্ববিদ্যালয়খনে লাভ কৰিছিল এজন যোগ্য অভিভাৱকৰ। কিন্তু সময়ে তাৰ ওলোটা খবৰ আনিলে। ব্যক্তিত্ব আৰু দায়িত্বই চুব নোৱাৰা উপাচাৰ্যৰ দৰে পদবীটোত কলংক সানিলে ৰঞ্জিত তামুলীয়ে।

 অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা ৰঞ্জিত তামুলীৰ আগমনে যেন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৰিমা আৰু পৰম্পৰা ৰক্ষা কৰাত বিফল হ'ল। উল্লেখ্য যে,তেওঁৰ বিৰুদ্ধে উত্থাপিত কেইবাটাও বিত্তীয় অনিয়ম আৰু কেলেংকাৰীৰ অভিযোগত উপাচাৰ্যৰ বিৰুদ্ধে বিগত সময়ছোৱাত ৰাজপথত নামিছিল বিভিন্ন ছাত্ৰ তথা জাতীয় দল সংগঠন। বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজো নামিছিল এই আন্দোলনত।