ৰঙিয়াত ‘হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড’ৰ নতুন শ্ব’ৰূম মুকলি

ৰঙিয়াত ‘হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড’ৰ নতুন শ্ব’ৰূম মুকলি

author-image
asomiyapratidin
New Update
ৰঙিয়াত ‘হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড’ৰ নতুন শ্ব’ৰূম মুকলি

ডিজিটেল সংবাদ,ৰঙিয়াঃ অগ্ৰণী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে অসমত ব‍্যৱসায় সম্প্ৰসাৰণৰ লক্ষ‍্যৰে শনিবাৰে ৰঙিয়াত এটা নতুন শ্ব'ৰুম মুকলি কৰে। ৫,৫০০ বৰ্গ ফুটৰ এই শ্ব'ৰুমটোত গাড়ী সম্বন্ধীয় সকলো সুবিধা ৰখা হৈছে। ৰঙিয়াৰ আই অ'চি, গোপাল নগৰত থকা এই শ্ব'ৰুমটোত গ্ৰহকে নতুন গাড়ী বুক কৰিব পাৰিব।

লগতে ছাৰ্ভিচিঙ, পুৰণি গাড়ী ক্ৰয় তথা বিক্ৰয়, ফাইনেন্স তথা বীমা আৰু এচেছৰীজ আৰু স্পেয়াৰ পাৰ্টছ কিনাৰ সুবিধাও গ্ৰাহকে লাভ কৰিব এই শ্ব'ৰুমটোত। উল্লেখযোগ্য যে ৰঙিয়া তথা ইয়াৰ ওচৰৰ অঞ্চলৰ লোকসকলে নতুন গাড়ী বুকিং কৰিবলৈ গুৱাহাটীলৈ যাব লগা হৈছিল। নতুন শ্ব'ৰুমটো মুকলি হোৱাৰ লগে লগে গ্ৰাহকসকলে এতিয়া ৰঙিয়াতেই গাড়ী বুক কৰিব পাৰিব।