ৰেলযাত্ৰীৰ বাবে সুখবৰ! ইছৰ’ৰ উপগ্ৰহৰে সংযুক্ত হ’ল ৰেলৰ ইঞ্জিন…

ৰেলযাত্ৰীৰ বাবে সুখবৰ! ইছৰ’ৰ উপগ্ৰহৰে সংযুক্ত হ’ল ৰেলৰ ইঞ্জিন…

author-image
asomiyapratidin
New Update
ৰেলযাত্ৰীৰ বাবে সুখবৰ! ইছৰ’ৰ উপগ্ৰহৰে সংযুক্ত হ’ল ৰেলৰ ইঞ্জিন…

ডিজিটেল ডেস্কঃ ৰেলত যাত্ৰা কৰা সকলৰ বাবে আহিছে এক সুখবৰ। ইছৰ'ৰ সৈতে মিলিত হৈছে ভাৰতীয় ৰেল সেৱা। এতিয়াৰে পৰা যাত্ৰীয়ে জানিব পাৰিব যাবলগীয়া ৰেলখন সঠিকভাৱে ক'ত আছে বা কোনখিনি ঠাই পাইছেহি।

দৰাচলতে, ভাৰতীয় ৰেলৱে বিভাগৰ সকলো ইঞ্জিন ইছৰ'ৰ উপগ্ৰহৰ সৈতে সংযোগ কৰা হ'ব। যাৰ দ্বাৰা ৰেলখনৰ বিষয়ে, ৰেলখনৰ আগমন আৰু প্ৰস্থানৰ বিষয়ে অধিক সঠিকভাৱে জানিব পৰা যাব। ৰেল বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই এ এন এছক কয়- 'নতুন বছৰত বিভাগটোত নতুনত্ব অনা হৈছে। কন্ট্ৰল চাৰ্টত কোনো এখন ৰেলৰ সূচনা ভৰ্তিৰ বাবে ইছৰ'ৰ উপগ্ৰহৰ সহায়ত আৰ টি আই এছ ব্যৱহাৰ কৰা হৈছে।'

লগতে বিষয়াগৰাকীয়ে কয় যে, এই প্ৰণালী ৮ জানুৱাৰীৰ পৰা শ্ৰীমাতা বেষ্ণো দেৱী-কটৰা ব্ৰাণ্ডা টৰ্মিনছ, নতুন দিল্লী-পটনা, নতুন দিল্লীত-অমৃতসৰ আৰু  দিল্লী-জম্মু ৰুটত কিছু সংখ্যক এক্সপ্ৰেছত সংযোগ কৰা হৈছে। ইয়াৰ দ্বাৰা ভাৰতীয় ৰেল বিভাগ আৰু এখোপ আগুৱাই যাব বুলিও উল্লেখ কৰে তেওঁ।