/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/petrolnew-ki6H-621x414@LiveMint.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ কংগ্ৰেছ দলৰ পূৰ্বৰ সভাপতি ৰাহুল গান্ধীয়ে মূল্য বৃদ্ধি প্ৰসংগত সমালোচনাৰ লক্ষ্য কৰি লৈছে মোডী চৰকাৰক। শনিবাৰে পুনৰ মূল্য বৃদ্ধিৰ প্ৰসংগত মোডী চৰকাৰক সমালেচনাৰে থকা-সৰকা কৰে ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে টুইটাযোগে বহু বাতৰি কাকতৰ শিৰোনাম, মুদ্ৰাস্ফীতিৰ প্ৰসংগৰ ওপৰত আলোকপাত কৰে। তেওঁ মূল্যবৃদ্ধিৰ বিকাশ বুলি শিৰোনাম দিয়া এই পোষ্টটোত "মুদ্ৰাস্ফীতি, পাকঘৰৰ বাজেটত জুই", "মুদ্ৰাস্ফীতি: ডিজেলৰ মূল্য বৃদ্ধিয়ে সামগ্ৰীৰ আগমন, পাচলিৰ মূল্য বৃদ্ধিক প্ৰভাৱিত কৰিছে", "মুদ্ৰাস্ফীতিয়ে সাধাৰণ লোকৰ ঘৰুৱা বাজেট বৃদ্ধি কৰিলে", "বৰ্ধিত মুদ্ৰাস্ফীতিয়ে মানুহক বিচলিত কৰিছে" আৰু "কোৰোনাৰ সংকটৰ লগতে এতিয়া জনসাধাৰণ মূল্যবৃদ্ধিৰ সংকটত বুলি ইতিমধ্যে প্ৰকাশ হোৱা বহুকেইখন বাতৰিকাকতৰ শিৰোনাম একেলগে এখন ছবিৰ জৰিয়তে তুলি ধৰে।
महँगाई का विकास! pic.twitter.com/xc0oaQXp3m
— Rahul Gandhi (@RahulGandhi) February 20, 2021
বৰ্তমানৰ চৰকাৰখনৰ শাসন কালত মূল্যবৃদ্ধিৰ নামত জনসাধাৰণে ভুগিব লগা দুঃসময়ৰ কথা প্ৰকাশ কৰিছে নেতাজনে। উল্লেখ্য যে বিগত সময়ছোৱাত বৰ্ধিত মূল্যবৃদ্ধিয়ে স্বাভাৱিকতে জ্বলা কলা খুৱাইছে জনসাধাৰণক।
উল্লেখ্য যে, পেট্ৰ'ল আৰু ডিজেলৰ মূল্য একেৰাহে ১২ দিনৰ বৃদ্ধি পাই আছে । যাৰ প্ৰভাৱ আন বস্তুৰ ওপৰতো পৰিলক্ষিত হৈছে। দেশৰ ৰাজধানী চহৰখনত পেট্ৰ'ল প্ৰতি লিটাৰ ৯০.৫০ টকা অতিক্ৰম কৰিছে। বৰ্তমানলকৈ প্ৰেট্ৰলৰ এয়া সৰ্বোচ্চ মূল্য । আনহাতে তেল বিপণন কোম্পানী ভাৰতীয় তেল নিগমৰ মতে, দিল্লীত পেট্ৰ'লৰ দাম ৩৯ পইচা বৃদ্ধি হৈ ৯০.৫৮ টকা হোৱাৰ বিপৰীতে ডিজেল ৩৭ পইচা বৃদ্ধি হৈ প্ৰতি লিটাৰত ৮০.৯৭ টকা হৈছেগৈ।