৪ ভাগত একত্ৰিত হ’ব দেশৰ ১০ টা বেংক, গুৱাহাটীত পঞ্জাৱ নেশ্যনেল বেংক, অৰিয়েন্টেল বেংক অৱ কমাৰ্চ আৰু ইউ বি আইৰ শীৰ্ষ বিষয়া, VIDEO

৪ ভাগত একত্ৰিত হ’ব দেশৰ ১০ টা বেংক, গুৱাহাটীত পঞ্জাৱ নেশ্যনেল বেংক, অৰিয়েন্টেল বেংক অৱ কমাৰ্চ আৰু ইউ বি আইৰ শীৰ্ষ বিষয়া, VIDEO

author-image
asomiyapratidin
New Update
৪ ভাগত একত্ৰিত হ’ব দেশৰ ১০ টা বেংক, গুৱাহাটীত পঞ্জাৱ নেশ্যনেল বেংক, অৰিয়েন্টেল বেংক অৱ কমাৰ্চ আৰু ইউ বি আইৰ শীৰ্ষ বিষয়া, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৪টা ভাগতএকত্ৰিত হ'ব দেশৰ ১০ টা ব্যক্তিগত খণ্ডৰ বেংক। একত্ৰিকৰণৰ বাবে সিদ্ধান্ত লৈছে বেংক কেইটাৰ কৰ্তৃপক্ষই। আন বেংকসমূহৰ দৰেই পঞ্জাৱ নেশ্যনেল বেংক (পি এন বি), অৰিয়েন্টেল বেংক অৱ কমাৰ্চ (অ বি চি) আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াই (ইউ বি আই) লৈছে একত্ৰিত হোৱাৰ সিদ্ধান্ত। এই সংক্ৰান্তত শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত তিনিওটা বেংকৰ উৰ্ধতম কৰ্তৃপক্ষই ইয়াৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ সৈতে এক মত বিনিময় সভাৰ আয়োজন কৰে।

তিনিওটা বেংকৰ ভিতৰতে আটাইতকৈ বেছি আয় কৰিবলৈ সক্ষম হোৱা বেংকটো হৈছে পঞ্জাৱ নেশ্যনেল বেংক। উল্লেখ্য যে, বেংকটোৰ বছৰি আয় ১১ লাখ কোটি টকা। দ্বিতীয় স্থানত ৪ লাখ কোটি টকাৰে অৰিয়েন্টেল বেংক অৱ ইণ্ডিয়া আৰু তৃতীয়স্থানত ৮ হাজাৰ কোটি টকাৰে ইউনাইটেড বেংক অৱ ইণ্ডিয়া। একত্ৰিকৰণৰ জৰিয়তে বেংককেইটা লগ হৈ ৩০ লাখ কোটি টকা বছৰি আয় কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

শুকুৰবাৰে বেংক কেইটাৰ গ্ৰাহক, কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে ইউ বি আইৰ পৰিচালন সঞ্চালক অশোক কুমাৰ প্ৰধান, পি এন বিৰ মহা প্ৰৱন্ধক চন্দৰ খুৰানা আৰু অ বি চি বেংকৰ মহা প্ৰৱন্ধক বিনয় গুপ্তাই। মত বিনিময়ৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি বিষয়াকেইগৰাকীয়ে মাত্ৰ বাহ্যিকে নহয়, আভ্যন্তৰিণ ক্ষেত্ৰতো বেংকসমূহ এই কাৰ্যৰ বাবে উন্নত হ'ব বুলি মন্তব্য কৰে। লগতে কয় যে, তিনিওটা বেংকে পৃথক ভাৱে কাম সম্পাদন কৰে। কাম কৰাৰ পদ্ধতি সকলো বেংকৰে পৃথক।

অৱশ্যে ইয়াৰ বাবে পৃথক লগ' বা নামৰ কথা এতিয়াও চিন্তা কৰা নাই বুলি সংবাদিক সোধা প্ৰশ্নত ইউ বি আইৰ পৰিচালন সঞ্চালক অশোক কুমাৰ প্ৰধানে কয়। তেখেতে লগতে কয়, বেংককেইটা একত্ৰিকৰণৰ ক্ষেত্ৰত কেইবাটাও কথাত আমি গুৰুত্ব দিব লাগিব। আমাৰ প্ৰথম কথা হ'ল কেনেকৈ আমি কাম কৰিব পাৰিম সেৱা গুৰুত্ব দিব লাগিব। আমাৰ কৰ্মচাৰীসকলে কথাবোৰ কেনেকৈ গ্ৰহণ কৰে সেয়াও আমাৰ বাবে প্ৰয়োজনীয়। তেখেতে লগতে কয়, বেংকসমূহ একেলগ হ'লে গ্ৰাহকেও বিভিন্ন সুবিধা পাব।

জ্যেষ্ঠ নাগৰিকসকলৰ বাবে উপলব্ধ সুবিধাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত বিষয়াকেইগৰাকীয়ে কয়, জ্যেষ্ঠ নাগৰিকসকলক আমি কেনেকৈ সেৱা কৰিব পাৰো সেয়াও আমাৰ লক্ষ্য। ইতিমধ্যে আমি কেছ লেচ লেনদেনৰ কথা চিন্তা কৰিছো বুলি উল্লেখ কৰি দিমাণ্ড দ্ৰাফট, চেক , কেছ ইত্যাদি প্ৰতিজন লোকৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিব বুলিও বিষয়াকেইগৰাকীয়ে কয়।

এইক্ষেত্ৰত এ টি এমৰ ব্যৱস্থা এতিয়াৰ দৰে থাকিব বুলিও মন্তব্য কৰে তিনিওটা বেংকৰ বিষয়া কেইজনে। দেশখন কেছ লেচ হ'বলৈ গৈ আছে বুলি উল্লেখ কৰি তেওঁলোকে কয় যে, কোনো এটা বেংকৰে এটি এম সংখ্যা কমোৱাৰ কোনো কথা নাই। উল্লেখ্য যে, পূৰ্বে এনে মত বিনিময়ৰ সভাসমূহ মুম্বাই, চেন্নাই আৰু কলকাতাত অনুষ্ঠিত হৈছিল। প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে এনে সভা।