মূল্য বৃদ্ধিৰ বোজা বহন কৰিবলৈ সাজু হওকঃ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ১০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব…

মূল্য বৃদ্ধিৰ বোজা বহন কৰিবলৈ সাজু হওকঃ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ১০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব…

author-image
asomiyapratidin
New Update
মূল্য বৃদ্ধিৰ বোজা বহন কৰিবলৈ সাজু হওকঃ পেট্ৰ’ল  আৰু ডিজেলৰ মূল্য ১০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব…

ডিজিটেল ডেস্কঃ বিগত কেইটামান দিনত দেশত ইন্ধনৰ মূল্য স্থিৰ হৈ আছিল যদিও অতি শীঘ্ৰেই যে ইন্ধনৰ মূল্য বৃদ্ধি হ'ব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰোড অইলৰ মূল্য বৃদ্ধি পাইছে। যাৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি নিশ্চিত হৈছে। আনহাতে ভাৰতৰ ৫ ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচনো প্ৰায় শেষ হোৱাৰ দিশে গতি কৰিছে।

আগন্তুক সপ্তাহৰ পৰা দেশত ইন্ধনৰ মূল্যবৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আন্তৰ্জাতিক বজাৰত তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰৰো অধিক বৃদ্ধিৰ হৈছে। ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ১১০ ডলাৰত উপনীত হৈছে। পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ পেট্ৰ'লিয়াম পৰিকল্পনা আৰু বিশ্লেষণ কোষৰ (পিপিএচি) মতে, ১ মাৰ্চত ভাৰতত খাৰুৱা তেল ক্ৰয় প্ৰতি বেৰেলত ১০২ ডলাৰ হৈছে। ২০১৪ চনৰ পিছত এইয়া সৰ্বাধিক মূল্য বুলি বিবেচিত হৈছে।

এক প্ৰতিবেদনত কোৱা হৈছে যে, ইণ্ডিয়ান অইল কৰ্পোৰেচন (আই অ' চি), ভাৰত পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেড (বি পি চি এল), হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেডে (এইচ পি চি এল) পেট্ৰ'ল আৰু ডিজেল দুয়োবিধ ইন্ধনতে প্ৰতি লিটাৰত ৫.৭ টকাকৈ লোকচান বহন কৰি আছে। সেয়েহে তেল কোম্পানী সমূহে লাভৰ বাবে প্ৰতি লিটাৰ পেট্ৰ'ল , ডিজেলত ১০ শতাংশ পৰ্যন্ত মূল্য বৃদ্ধি কৰিবলৈ সাজু হৈছে।