সকলো সুবিধাৰে ড০ পোৱাল চন্দ্ৰ দুৱৰাৰ সপোনৰ ৰেডক্ৰছ হস্পিতাল আৰম্ভ…

সকলো সুবিধাৰে ড০ পোৱাল চন্দ্ৰ দুৱৰাৰ সপোনৰ ৰেডক্ৰছ হস্পিতাল আৰম্ভ…

author-image
asomiyapratidin
New Update
সকলো সুবিধাৰে ড০ পোৱাল চন্দ্ৰ দুৱৰাৰ সপোনৰ ৰেডক্ৰছ হস্পিতাল আৰম্ভ…

ডিজিটেল ডেস্কঃ মুকলি হ'ল ডাঃ পোৱাল চন্দ্ৰ দুৱৰাৰ সপোনৰ হস্পিতাখন ৰাইজৰ বাবে মুকলি কৰা হ'ল। ২৭ জানুৱাৰী তাৰিখে হস্পিতালখন মুকলি কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মুখ্য সচিব সমীৰ কুমাৰ সিংহাই। মুকলি অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ পৰিচালন সঞ্চালক ড০ এচ. লক্ষ্মনম মুখ্য অতিথিৰুপে উপস্থিত থাকে।

Advertisment

এই হস্পিতালখনত এক ঘৰুৱা পৰিৱেশত সন্তান জন্ম দিব পৰাৰ সুবিধা উপলব্ধ হ'ব। ইয়াৰ সংলগ্ন এখন নাৰ্চিং স্কুল আছে বাবে নাৰ্চিং কেয়াৰো হ'ব অতি সুবিধাজনক। যাতায়তৰো এটা ভাল সুবিধা আছে। চান্দমাৰীৰ পৰা ৫০০ মিটাৰ আঁতৰত অৱস্থিত এই ৰেডক্ৰছ হস্পিতাল।

২০১৯ চনৰ শেষৰভাগত পুনঃনিৰ্মানৰ কাম আৰম্ভ কৰি অত্যাধুনিক যন্ত্ৰপাতি ক্ৰয় কৰি এখন এখন চকুত লগা হস্পিতাল হিচাপে গঢ়ি তোলা হৈছে এই হস্পিতালখন। ২০২০ চনত তলৰ কাম সম্পূৰ্ণ কৰা এই হস্পিতালখন বৰ্তমান নিৰ্মান সম্পূৰ্ণ হৈ উঠিছে।