সুখবৰঃ ৰে’লৱে বিভাগত ওলাইছে চাকৰি…

সুখবৰঃ ৰে’লৱে বিভাগত ওলাইছে চাকৰি…

author-image
asomiyapratidin
New Update
সুখবৰঃ ৰে’লৱে বিভাগত ওলাইছে চাকৰি…

ডিজিটেল সংবাদঃ দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। অচিৰেই ৰে'লৱে সুৰক্ষা বল অৰ্থাৎ আৰ পি এফত নিযুক্তি দিয়া হ'ব ৯ হাজাৰো অধিক যুৱক-যুৱতীক। ৰেল মন্ত্ৰালয়ে জনাইছে যে, এই ৯ হাজাৰ পদৰ ভিতৰত প্ৰায় অৰ্ধ সংখ্যক পদত নিযুক্তি দিয়া হ'ব মহিলাক। শুকুৰবাৰে ৰাজ্যসভাত ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে প্ৰশ্নকালীন সময়ত কৰিলে এই ঘোষণা। ৰে'লমন্ত্ৰী গৰাকীয়ে লগতে সংসদত জনায় যে, বৰ্তমান আৰ পি এফত নিয়োজিত মহিলাৰ সংখ্যা হৈছে মাত্ৰ ২.২৫ শতাংশ। ইয়াৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবেই কেন্দ্ৰই এই ব্যৱস্থা হাতত লৈছে বুলিও জনায় গোৱেলে। সংসদত ৰে'লমন্ত্ৰী গৰাকীয়ে লগতে জনায় মহিলাৰ বাবে ৫০ শতাংশ পদ সংৰক্ষিত কৰা এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশত লোৱা হৈছে।