/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/pm-1.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ উত্তৰত সোমবাৰে কৃষক আন্দোলনৰ বিষয়ে মন্তব্য কৰিছে আৰু সকলো লোককে আন্দোলন ত্যাগ কৰি আলোচনা কৰাৰ প্ৰস্তাৱ আগৱঢ়াইছে। তেওঁ কয় যে, তেওঁ দুয়োপক্ষ মিলি আলোচনা কৰিবলৈ প্ৰস্তুত। তেওঁ সোমবাৰৰ সদনলৈ সকলোকে নিমন্ত্ৰণ জনাইছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে ইয়াৰ লগতে সদনৰ জৰিয়তে কৃষকসকলক আশ্বস্ত কৰিছে যে নূন্যতম সমৰ্থন মূল্য অৰ্থাৎ এমএছপি অটুট থাকিব। তেওঁ ইয়াৰ লগতে এমএছপি আছিল, আছে আৰু থাকিব বুলি মন্তব্য কৰিছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে বিপক্ষ দলৰ নেতা সকলকো কৃষকৰ বিষয়টোত সহযোগিতা আহ্বান কৰিছে। তেওঁ ইয়াৰ লগতে কৃষকৰ বাবে যি উচিত সেই পদক্ষেপেই গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে বহু জেষ্ঠ্য ব্যক্তি বৰ্তমানেও আন্দোলনৰত তেওঁলোকৰ ঘৰলৈ উভতি যোৱা আৱশ্যক। আন্দোলন শেষ কৰি আলোচনাত মিলিত হ'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোডীয়ে।
প্রধানমন্ত্ৰী গৰাকীয়ে কয় যে যেতিয়া লাল বাহাদুৰ শাস্ত্ৰীয়ে কৃষিখণ্ডৰ নতুন সংস্কৰণৰ বাবে কাম কৰিছিল তেতিয়াও এনে বিক্ষোভৰ মূখামূখী হ'ব লগা হৈছিল বুলি উল্লেখ কৰি তেওঁলোক সংস্কৰণৰ কামৰ পৰা পিছ হুহঁকা নাছিল বুলি উল্লেখ কৰে। তেওঁ কয় যে জনসাধাৰণে এতিয়া তেওঁ কটু মন্তব্য কৰিছে কিন্তু এদিন নিজে বুজি উঠিব বুলি মন্তব্য কৰে তেওঁ।