২৭ আৰু ২৮ ডিচেম্বৰত হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য!

২৭ আৰু ২৮ ডিচেম্বৰত হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য!

author-image
asomiyapratidin
New Update
ব্যৱসায়িক বন্ধৰ মাজতে সুখবৰ, দিনৰ ১২ বজাৰ পৰা খুলিব পেট্ৰ’ল পাম্প

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ যোৱা ৫দিনে ধাৰাবাহিকভাৱে পেট্ৰ'লৰ মূল্য হ্ৰাস পাইছে। কিন্তু বুধবাৰে স্থিৰতা দেখা গ'ল পেট্ৰ'ল-ডিজেলৰ মূল্যত। এক সূত্ৰ অনুসৰি, আগন্তুক দুদিন অৰ্থাৎ ২৭ আৰু ২৮ ডিচেম্বৰত ইন্ধনৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ কাৰণ হ'ল আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য হ্ৰাস পোৱা।

উল্লেখ্য যে, পেট্ৰ'ল আৰু ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰা হয় আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্যৰ ওপৰত। ইফালে, ভাৰতবৰ্ষত প্ৰয়োজনীয় পৰিমানৰ ইন্ধনৰ ৮০ শতাংশ তেল নিজ দেশতেই উৎপাদন কৰা হয়। ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি, বুধবাৰে দিল্লীত ৬৯.৭৯টকা, কলকাতাত ৭১.৮৯, মুম্বাইত ৭৫.৪১টকা আৰু চেন্নাইত ৭১.৪১টকা হৈছে প্ৰতিলিটাৰ পেট্ৰ'লত।

ইফালে, ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ক্ৰমে- দিল্লীত ৬৩.৮৩ টকা, কলকাতাত ৬৫.৫৯ টকা, মুম্বাইত ৬৬.৭৯টকা আৰু চেন্নাইত ৬৭.৩৮টকা। উল্লেখযোগ্য যে, মঙলবাৰেও উক্ত স্থানবোৰত একেই আছিল পেট্ৰ'ল-ডিজেলৰ মূল্য।