/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/petrol-4.jpg)
ডিজিটেল ডেস্কঃ পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশবাসীক মাধমাৰ সোধোৱাৰ পাছত দীপাৱলীৰ প্ৰাকক্ষণত ইয়াৰ মূল্য কিছু হ্ৰাস কৰি সাধাৰণ জনতাক সকাহ দিয়া চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে। উপ-নিৰ্বাচনত বিজেপিয়ে দেখুওৱা বেয়া ফলাফলৰ পাছতেই যেন মোডী চৰকাৰৰ গালৈ হুচ আহিছে। পেট্ৰ'ল, ডিজেৱৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা শুল্ক হ্ৰাস কৰাত সমগ্ৰ দেশতে প্ৰতি লিটাৰ পেট্ৰ'লত ৫ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১০ টকা হ্ৰাস পাইছে।
উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ পৰা কোভিডৰ সংক্ৰমণৰ পাছত পেট্ৰ'ল,ডিজেলত অতিৰিক্ত কৰ আৰূপ কৰি ২০২০-২১ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৩.৩৫ লাখ কোটি টকা সংগ্ৰহ কৰিছিল। ইফালে কেন্দ্ৰীয় চৰকাৰৰ লগতে পেট্ৰ'ল ডিজেলৰ মূল্যত ৰাজ্য চৰকাৰেও কৰ নিজাকৈ আৰূপ কৰাত ইয়াৰ মূল্য আকাশলংঘী হৈছে।
দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সমান্ত্ৰৰালভাৱে অসম চৰকাৰেও ৭ টকাকৈ দুয়োবিধ সামগ্ৰীৰ মূল্যৰ ওপৰত জাৰি কৰা ভেট হ্ৰাস কৰাত বৃহস্পতিবাৰে ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰ'লত ১২ টকাকৈ আৰু ডিজেলত ১৭ টকাকৈ হ্ৰাস পায়। অসমৰ উপৰিও বিজেপিৰ শাসনত থকা ৯ খন ৰাজ্যত সংশ্লিষ্ট ৰাজ্য চৰকাৰে নিজাকৈয়ো প্ৰতি লিটাৰ প্ৰেট্ৰ'লত আৰু প্ৰতি লিটাৰ ডিজেলত নিজাকৈ আৰূপ কৰা কৰ প্ৰত্যাহাৰ আৰু হ্ৰাস কৰাৰ সিদ্ধান্ত লয়।
ত্ৰিপুৰা, মণিপুৰ, কৰ্ণাটক, গোৱা, উত্তৰপ্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ আৰু উত্তৰখণ্ডত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মণিপুৰ, কৰ্ণাটক ,ত্ৰিপুৰা, অসম আৰু গোৱাই প্ৰতি লিটাৰ প্ৰেট'ল, ডিজেলত কেন্দ্ৰীয় চৰকাৰৰ উপৰিও নিজাকৈ ৭ টকাকৈ হ্ৰাস কৰিছে। উত্তৰাখণ্ডে ৰাজ্যখনত ২ টকাকৈ প্ৰেট'ল, ডিজেলত আৰূপ কৰা ভেট হ্ৰাস কৰিছে।
উল্লেখযোগ্য যে বুধবাৰৰ দিনা পেট্ৰ'ল, ডিজেলৰমূল্য কেইবাখনো ৰাজ্যত ১০০ ৰ অতিক্ৰম কৰাই নহয়, ঠায়ে ঠায়ে প্ৰতিলিটাৰ পেট্ৰ'ৰ মূল্য ১২০ টকা পৰ্যন্ত হৈছিল। কেন্দ্ৰীয় চৰকাৰে ৫ টকাকৈ হ্ৰাস কৰাৰ পাছত মুম্বাইত এতিয়াও পেট্ৰ'লৰ মূল্য ১০৯.৯৮ টকা। আনহাতে বাণিজ্যিক চহৰখনত বৃহস্পতিবাৰে ডিজেলৰ মূল্য হয়গৈ ৯৪.১৪ টকা।