চলিত সপ্তাহত ৪ৰ্থ বাৰৰ বাবে বৃদ্ধি পালে প্ৰেট্ৰ’ল আৰু ডিজেলৰ মূল্য…

চলিত সপ্তাহত ৪ৰ্থ বাৰৰ বাবে বৃদ্ধি পালে প্ৰেট্ৰ’ল আৰু ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
খৰধৰক কৰকঃ কাইলৈৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল, ডিজেল…

ডিজিটেল ডেস্কঃ দেশত প্ৰেট্ৰল আৰু ডিজেলৰ দাম শনিবাৰে বছৰটোৰ সকলোতকৈ বৃদ্ধি পাইছে । প্ৰেট্ৰলিয়াম বিপনন কোম্পানীয়ে এই সপ্তাহত চতু্ৰ্থ বাৰৰ বাবে বৃদ্ধি কৰিছে ইন্ধনৰ মূল্য। প্ৰেট্ৰলিয়াম বিপনন কোম্পানীৰ অধিসূচনা অনুসৰি, শনিবাৰে প্ৰেট্ৰল আৰু ডিজেলৰ দুয়ো বিধৰে মূল্য প্ৰতিলিটাৰ ২৫ পইচাকৈ বৃদ্ধি পাইছে।

Advertisment

ইয়াৰ লগে লগে দিল্লীত প্ৰেট্ৰলৰ মূল্য ৮৫.৭০ টকা প্ৰতিলিটাৰ আৰু মুম্বাইত প্ৰতিলিটাৰত ৯২.২৮ টকালৈ বৃদ্ধি পাইছে। আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত ডিজেলৰ মূল্য ৭৫.৮৮ টকা প্ৰতিলিটাৰ আৰু মুম্বাইত প্ৰতিলিটাৰত ৮২.৬৬ টকা হৈছেগৈ।অৱশ্যে ৰাষ্ট্ৰীয় বিক্ৰী কৰ আৰু বৰ্ধিত মূল্য কৰৰ বাবে বিভিন্ন ৰা্জ্যত যান বাহন ইন্ধনৰ মূল্য পৃথক পৃথক।

উল্লেখ্য যে, বৰ্তমান দেশৰ ইন্ধন মূল্য সৰ্বকালৰ ভিতৰতে অধিক। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইয়াৰ পূৰ্বে চলিত সপ্তাহত যান বাহন ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে চৌদি আৰৱৰ কেঁচাতেল উৎপাদনত প্ৰক্ৰিয়া দায়ী বুলি অভিহিত কৰিছিল।

সাৰ্বজনীন ক্ষেত্ৰত প্ৰেট্ৰলিয়াম বিপনন কোম্পানী ইণ্ডিয়ান অইল কোৰপোৰেশ্যন. ভাৰত প্ৰেট্ৰলিয়াম কোৰপোৰেশ্যন আৰু হিন্দুস্থান প্ৰেট্ৰলিয়াম কোৰপোৰেশ্যনে ৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে যান বাহন ইন্ধনতৰ মূল্যৰ প্ৰতিদিনৰ সংশোধন পদ্ধতি।