বিগত ২৪দিনত প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ১১.২৩টকা…

বিগত ২৪দিনত প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ১১.২৩টকা…

author-image
asomiyapratidin
New Update
বিগত ২৪দিনত প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ১১.২৩টকা…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাইজক কিছু সকাহ প্ৰদান কৰি বিগত তিনিটা দিন ধৰি দেশত বৃদ্ধি হোৱা নাই পেট্ৰ'ল-ডিজেলৰ মূল্য। পূৰ্বে প্ৰায় ২৪দিন ধৰি ধাৰাবাহিক মূল্যবৃদ্ধিৰ পাছতে কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলৰ নেতাসকলেও তীব্ৰ কটাক্ষ কৰিছিল চৰকাৰক।

সমগ্ৰ দেশত কংগ্ৰেছে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। বিগত ২৪দিনত দেশত প্ৰতি লিটাৰ ডিজেলত ১১.২৩টকা আৰু প্ৰতিলিটাৰ পেট্ৰ'লত ৯.১৭টকাকৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে বাৰে ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮০.৪৩টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৮০.৫৩টকা।