/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/petrol_2_1.jpeg)
ডিজিটেল ডেস্কঃ চৌদি-আৰৱৰ ২ টাকৈ তেলৰ ঘাটিত সন্ত্ৰাসবাদীয়ে কৰা ড্ৰোণ আক্ৰমণৰ পাছতে সমগ্ৰ বিশ্বত ইন্ধনৰ মূল্য আকাশলংঘী হোৱা দেখিবলৈ পোৱা গৈছে। ভাৰতবৰ্ষতো বিগত ৪ দিন ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰল- ডিজেলৰ মূল্য। শুকুৰবাৰেও সমগ্ৰ দেশত প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে ৩৫ পইচাকৈ। আনহাতে ডিজেল প্ৰতিলিটাৰত বৃদ্ধি পালে ২৮ পইচাকৈ। শুকুৰবাৰৰ এই মূল্যবৃদ্ধিৰ লগে লগে দেশত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৭৩.০৬ টকা আৰু ডিজেলৰ দাম ৬৬.২৯ টকা হৈছেগৈ।