আজিও হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ দাম… পিছে এই সুখবৰ আৰু কিমান দিনলৈ

আজিও হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ দাম… পিছে এই সুখবৰ আৰু কিমান দিনলৈ

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ পেট্ৰ'ল-ডিজেলৰ দাম আজিও হ্ৰাস পাইছে। গুৱাহাটীত মঙলবাৰৰ দিনটোত পেট্ৰ'লৰ দাম ০.৫০ পইছা হ্ৰাস পায় হয়গৈ ৭১.৩০ টকা। ডিজেলৰ মূল্য হ্ৰাস পাইছে ২১ পইছাকৈ। আজিৰ দিনটোত মহানগৰীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৬৬.৯২টকা।

ক্ৰমাগতভাৱে এপষেক ধৰি পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস পাই অহাৰ এই সুখবৰ পিছে অধিক দিনলৈ থকাৰ সম্ভাৱনা নাই। বজাৰ বিশেষজ্ঞসকলে অহা এসপ্তাহৰ পিছতে পুনৰ ইন্ধনৰ দাম উৰ্ধগামী হ'ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে।

প্ৰকাশিত বাতৰি অনুযায়ী আমেৰিকা আৰু চীনৰ মাজত ব্যৱসায়িক সংঘাত হ্ৰাস পোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ তীব্ৰ গতিত ওপৰলৈ উঠিছে খাৰুৱা তেলৰ দাম। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে বৰ্তমানতকৈ অধিক দামত তেল আমদানি কৰিবলগীয়াত পৰিছে।

যোৱা ৩-৪দিনৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ৫শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোমবাৰে খাৰুৱা তেলৰ দাম ৫.১৩ শতাংশ বৃদ্ধি হৈ প্ৰতি বেৰেলত ৬২.৫১ ডলাৰ হৈছেগৈ। ভাৰতৰ পেট্ৰ'ল পাম্পসমূহতো ইয়াৰ প্ৰভাৱ অতি শীঘ্ৰে পৰাতো প্ৰায় নিশ্চিত হৈ পৰিছে।