/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-2-1539134824.jpg)
প্ৰতিকী ফটো
ডিজিটেল ডেস্কঃ ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ দাম। ক্ৰমাগতভাৱে এমাহ ধৰি পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস পাই অহাৰ অন্তত বৃহস্পতিবাৰে গুৱাহাটীকে ধৰি দেশৰ প্ৰতিখন চহৰতে দুয়োবিধ ইন্ধনৰ দাম উৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে।
গুৱাহাটীত বৃহস্পতিবাৰে দিনটোত পেট্ৰ'লৰ দাম ০.২৭ পইছা বৃদ্ধিৰে হৈছেগৈ ৬৯.৮৯ টকা। ডিজেলৰ মূল্য বৃদ্ধি পাইছে ১৫ পইছাকৈ। আজিৰ দিনটোত মহানগৰীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৬৫.১৫টকা।
উল্লেখ্য যে, প্ৰায় এমাহ ধৰি পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস পাই আহিছিল যদিও বজাৰ বিশেষজ্ঞসকলে পুনৰ ইন্ধনৰ দাম উৰ্ধগামী হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছিল। সেই সম্ভাৱনাকে সত্য প্ৰমাণিত কৰি ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে দেশজুৰি পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি পাবলৈ আৰম্ভ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us