কৈ থাকো মানে ওৰকে নপৰে পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিৰ কথা…

কৈ থাকো মানে ওৰকে নপৰে পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিৰ কথা…

author-image
asomiyapratidin
New Update
অচ্ছে দিন!  ১০দিনত ৯বাৰ বৃদ্ধি পেট্ৰল-ডিজেলৰ মূল্য…

ডিজিটেল ডেস্কঃ পাৰ হ'ল শাৰদীয় দুৰ্গোৎসৱ। বিগত দুটা বছৰৰ অন্তত কিছু মুকলি মনেৰে শাৰদীয় উৎসৱৰ আমেজ ল'লে সাধাৰণ জনতাই। নিজৰ লগতে দহৰো কুশল, কামনা কৰি দেৱী দুৰ্গাৰ ওচৰত সেৱা জনালে ভক্তই। আনহাতে কোভিডে জুৰুলা কৰা অৰ্থনৈতিক অৱস্থাৰ কথাও কিছু সময়ৰ বাবে পাহৰি জনসাধাৰণে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে উপভোগ কৰিলে শাৰদীয় উৎসৱৰ আমেজ।

Advertisment

উৎসৱৰ পূৰ্বেও বজাৰত মূল্য বৃদ্ধিৰ নামত জ্বলিছিল একুৰা জুই। কি খাদ্য সামগ্ৰী, কি প্ৰসাধন সামগ্ৰী অথবা কাপোৰ ! সকলোতে যেন জ্বলি আছিল জুই। যি জুইৰ উত্তাপৰ বাবে সাধাৰণ জনতাই প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈয়ো স্পৰ্শ কৰিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছিল আৰু বৰ্তমানেও হৈ আছে।

বজাৰত এনে মূল্য বৃদ্ধিৰ আঁৰত এটা মূল কাৰণ হৈছে ইন্ধনৰ মূল্য বৃদ্ধি। অক্টোবৰ মাহটো সম্পূৰ্ণ নৌহওতেই মাত্ৰ ১৬ টা দিনৰ ভিতৰতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য মুঠ ১৩ বাৰ বৃদ্ধি হৈছে। বিজয়া দশমীত দেৱী দুৰ্গাক বিসৰ্জন দি সাধাৰণ জনতাই আশা কৰিছিল দেৱী দুৰ্গাই সমাজৰ পৰা অশুয়া-অপ্ৰীতি নাশ কৰিব।কোভিডৰ দৰে মহামাৰী নাশ হ'ব আৰু কোভিডে সৃষ্টি কৰা পৰিস্থিতিৰ মাজত মূল্য বৃদ্ধিৰ দৰে দেখা দিয়া সমস্যাবোৰো শেষ হ'ব।

কিন্তু বিজয়া দশমীৰ পিছদিনাই অৰ্থাৎ ১৬ অক্টোবৰ, শনিবাৰে পুনৰবাৰ বৃদ্ধি পালে পেট্ৰ'ল ডিজেলৰ মূল্য। ৰাজ্যিক মালিকানাধীন তেল কোম্পানীবোৰে বৃদ্ধি কৰিছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। শনিবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত ৩৫ পইছাকৈ বৃদ্ধি কৰা হৈছে। ফলস্বৰূপে দেশৰ ৰাজধানী চহৰখনত পেট্ৰ'লৰ মূল্য ১০৫.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৯৪.২২ টকালৈ বৃদ্ধি হৈছে।

উল্লেখ্য যে বৰ্তমান দেশৰ ২৯ খন ৰাজ্যত পেট্ৰ'লে প্ৰতি লিটাৰত ১০০ টকাৰ ঘৰ অতিক্ৰম কৰিছে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, দমন আৰু দিউ, ছত্তীশগড়, দিল্লী, জম্মু কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, নাগালেণ্ড, পুডুচেৰী, তেলেংগানা, পঞ্জাৱ, ছিকিম, উৰিষ্যা, কেৰালা, তামিলনাডু, পশ্চিম বংগ, ত্ৰিপুৰা, মিজোৰাম, ঝাৰখণ্ড, গোৱা, অসম, গুজৰাট, হাৰিয়ানা, হিমাচল, উত্তৰাখণ্ড, উত্তৰাখণ্ড আৰু ৰাজস্থানত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০০ টকাৰ ওপৰত।

আনহাতে ডিজেলৰ ক্ষেত্ৰত, মধ্য প্ৰদেশ, ছত্তীশগড়, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, তেলেংগানা, বিহাৰ, গুজৰাট, মহাৰাষ্ট্ৰ, জম্মু কাশ্মীৰ, ঝাৰখণ্ড, কেৰালা, কৰ্ণাটক আৰু ৰাজস্থানৰ বহু ঠাইত প্ৰতি লিটাৰত ১০০ টকাৰ ঘৰ অতিক্ৰম কৰিছে।

চলিত অক্টোবৰ মাহত ১৬ দিনত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য মুঠ ১৩ বাৰ বৃদ্ধি হৈছে। যাৰ ফলত মাত্ৰ ১৬ টা দিনতেই ঠায়ে ঠায়ে পেট্ৰ'ল প্ৰায় ৪ টকা আৰু ডিজেল ৪ টকাৰো অধিক ব্যয়বহুল হৈ পৰিল। আনহাতে, চলিত বৰ্ষৰ অৰ্থাৎ ২০২১ বৰ্ষৰ ১ জানুৱাৰীত পেট্ৰ'লৰ মূল্য আছিল ৮৩.৯৭ টকা । একেদৰে ডিজেলৰ মূল্য আছিল প্ৰতি লিটাৰত ৭৪.১২ টকা। কিন্তু অক্টোবৰ মাহলৈকে পেট্ৰ'লৰ মূল্য ১০০ টকাৰো অধিক হোৱাৰ লগতে ডিজেলৰ মূল্যয়ো ১০০ ৰ ঘৰ স্পৰ্শ কৰাৰ পথত। বিগত ১০ টা মাহত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ২১ টকাৰো অধিক বৃদ্ধি হ'ল।

ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাইয়েই আছে। প্ৰতি বেৰল ক্ৰুড অইলৰ মূল্য ৮৪ ডলাৰ অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে ২০১৮ চনত এইদৰে প্ৰতি বেৰল ক্ৰুড অইলৰ মূল্য ৮৪ ডলাৰ অতিক্ৰম কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত এইদৰে প্ৰতি বেৰল ক্ৰুড অইলৰ মূল্য বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিত আশংকা কৰা হৈছে আগন্তুক সময়ত ভাৰতত আৰু অধিক বৃদ্ধি পাব পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।

পেট্ৰ'ল, ডিজেলত কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা কৰ আৰু ৰাজ্য চৰকাৰে আৰোপ কৰা কৰ হ্ৰাস নকৰিলে আগন্তুক সময়ত পেট্ৰ'ল, ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে এটা কথা স্পষ্ট যে সাধাৰণ জনতাক মূল্য বৃদ্ধিৰ জুই কুৰাই আগন্তুক সময়তো যে ভালকৈয়ে দহিব সেয়া নিশ্চিত।