এদিনো নকমিল! ১৪ দিনে কেৱল বৃদ্ধিহে হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

এদিনো নকমিল! ১৪ দিনে কেৱল বৃদ্ধিহে হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
এদিনো নকমিল! ১৪ দিনে কেৱল বৃদ্ধিহে হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে বিগত কিছুদিন ধৰি পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত আছে। প্ৰায় ১৪ দিনত প্ৰতিদিনেই কিছু পৰিমাণে ইন্ধনৰ মূল্যবৃদ্ধি হৈ আছে। যাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ লোক। শনিবাৰে অসমত প্ৰতিলিটাৰ পেট্ৰ'লত ৩৩ পইচাকৈ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৪০ পইচাকৈ বৃদ্ধি পালে।

শনিবাৰে অসমত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৩.৩৪ টকা। ঠিক তেনেদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৬.৮৯ টকা। শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰলত বৃদ্ধি পাইছিল ৫৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৬৩পইচাকৈ বৃদ্ধি পাইছিল। উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰেও প্ৰতিলিটাৰ পেট্ৰলত ৫৩ পইচা আৰু ডিজেলত প্ৰতি লিটাৰত ৬৪ পইচাকৈ বৃদ্ধি পাইছিল।