কোভিডক সহজ বুলি নাভাবিব- সুস্থ হোৱাৰ পিছতো…

কোভিডক সহজ বুলি নাভাবিব- সুস্থ হোৱাৰ পিছতো…

author-image
asomiyapratidin
New Update
কোভিডক সহজ বুলি নাভাবিব- সুস্থ হোৱাৰ পিছতো…

ডিজিটেল ডেস্কঃ কোভিডৰ বিভীষিকাৰ মাজতেই বহু সাংবাদিকে বিশেষকৈ চুইজাৰলেণ্ডৰ পিইচি নামৰ সংবাদগোষ্ঠীয়ে কোভিড ভাইৰাছৰ সংক্ৰমণক সহজভাৱে নল'বলৈ আহ্বান জনাইছে। দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক বিকাশ শৰ্মাই কোভিডোত্তৰ বিপদৰ বাবে মৃত্যু বৰণ কৰিব লগা হোৱা ঘটনাৰ বিষয়ে উল্লেখ কৰি কোভিড ভাইৰাছ যে কেৱল সংক্ৰমণ কালতে ভয়াৱহ নহয় আৰোগ্য হোৱাৰ পিছতো ই যথেষ্ট বিপদজনক সেই বিষয়ে মন্তব্য কৰিছে।

Advertisment

সংবাদ গোষ্ঠীটোৱে মন্তব্য কৰিছে যে, কোভিডৰ সংক্ৰমণৰ ফলত বিশ্বৰ সংবাদক্ষেত্ৰখনে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা বৰ্তমানলৈ ৬৭ খন দেশৰ ৭৩৬ জন সাংবাদিক হেৰুৱাব লগা হৈছে।পিইছিয়ে লগতে মন্তব্য কৰে যে, কোভিডৰ সংক্ৰমণ যে বিপদমুক্ত নহয় আৰু ই মৃত্যু পৰ্যন্ত বিপদ মাতি আনিব পাৰে সেয়া মুহূৰ্তে মুহূৰ্তে জনসাধাৰণক জনাই থকাটো সংবাদ মাধ্যমৰ দায়িত্ব। তেওঁলোকে লগতে উল্লেখ কৰে কোভিড আক্ৰমণৰ বিষয়ে সংবাদ মাধ্যমৰ তৃণমূল পৰ্যায়ৰ পৰা নিজৰ গৱেষণা থকা অতিকে প্ৰয়োজনীয়।

সংবাদগোষ্ঠীটোৱে ইয়াৰ লগতে কোভিডৰ ভেকচিন প্ৰদানত সংবাদ কৰ্মীয়ে মুখ্য স্থান পাব লাগে বুলিও মন্তব্য কৰে। উল্লেখ্য যে, ৰিপাব্লিক ভাৰতৰ সংবাদ পৰিৱেশকজনে কোভিডত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছিল যদিও কোভিডোত্তৰ সময়ছোৱাত স্বাস্থ্যৰ অৱনতি ঘটাত বিগত ৪ ফেব্ৰুৱাৰীত তেওঁক নয়দাস্থিত কৈলাশ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য যে খুবেই সপ্ৰতিভ আৰু বাকপটু সংবাদ পৰিৱেশকজনে মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ লগতে দুটি কনমানি সন্তান আৰু তেওঁৰ অনুৰাগী তথা শুভাকাংশীসকলক এৰি থৈ যায়।