বাইক প্ৰেমী সকলৰ বাবে সুখবৰ, royal enfieldৰ ৪০ শতাংশ ৰেহাই…

বাইক প্ৰেমী সকলৰ বাবে সুখবৰ, royal enfieldৰ ৪০ শতাংশ ৰেহাই…

author-image
asomiyapratidin
New Update
বাইক প্ৰেমী সকলৰ বাবে সুখবৰ, royal enfieldৰ ৪০ শতাংশ ৰেহাই…

ডিজিটেল ডেস্কঃ বাইক প্ৰেমী সকলৰ বাবে এটা সুখবৰ, বিশেষকৈ ৰয়েল এনফিল্ড (বুলেট) প্ৰেমী সকলৰ বাবে। ৰয়েল এনফিল্ড প্ৰতিষ্ঠানটোৱে ১৫ জানুৱাৰীৰ পৰা ১ মাৰ্চলৈ ঘোষণা কৰিছে এটা অফাৰ। এই অফাৰটোৰ নাম দিছে এণ্ড অৱ ছীজন। ভাৰতৰ মুঠ ৮০০ টা ডীলাৰত প্ৰদান কৰা হ'ব এই অফাৰ।

প্ৰতিষ্ঠানটোৱে ইতিমধ্যেই এই অফাৰৰ কথা ঘোষণা কৰিছে। এই অফাৰ অনুসৰি ১ মাৰ্চৰ লৈকে ৰয়েল এনফিল্ডৰ বহুকেইটা সামগ্ৰী ৪০ শতাংশ ৰেহাই প্ৰদান কৰা হ'ব। প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে যে হেলমেট, জেকেট, টি-চাৰ্ট, বেগ, বাইকৰ কভাৰৰ পৰা আদি কৰি প্ৰায় ২০বিধ সামগ্ৰীত গ্ৰাহকে লাভ কৰিব এই ৰেহাই। অহা ১৮ জানুৱাৰীৰ পৰা অনলাইন যোগেও গ্ৰাহকে প্ৰতিষ্ঠানটোৰ এই সামগ্ৰী বোৰ ৰেহাই মূল্যত লাভ কৰিব পাৰিব ।