পিয়াজে আকৌ কন্দুৱাব দেশবাসীক…

পিয়াজে আকৌ কন্দুৱাব দেশবাসীক…

author-image
asomiyapratidin
New Update
ভাৰতত মূল্য বৃদ্ধি! পিয়াজ খাবলৈ এৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই…

ডিজিটেল ডেস্কঃ পিয়াজে আকৌ কন্দুৱাব দেশবাসীক। দেশৰ ভিন্ন প্ৰান্তত পিয়াজৰ মূল্যই পুনৰ স্পৰ্শ কৰিছে ১০০ৰ ঘৰ। ইফালে দেশত উৎপাদন হ্ৰাস পোৱাৰ বাবে আফগানিস্তানৰ পৰা পিয়াজ অনা হৈছে যদিও এই পিয়াজৰ কোৱালিটি অতিপাত বেয়া। যাৰ বাবে গুদামতে পৰি ৰৈছে প্ৰায় ১৪০ টন পিয়াজ।

উল্লেখ্য যে, পূৰ্বতে ৰাজস্থানৰ পৰা দেশৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় পিয়াজ। কিন্তু বিগত দিন বিলাকত অতি কম পৰিমাণৰ পিয়াজ যোগান ধৰিছে ৰাজস্থানে। পূৰ্বৰ ৪-৫ হাজাৰ টনৰ সলনি বৰ্তমান ১৫০০-২০০০ টন পিয়াজহে যোগান ধৰিবলৈ সক্ষম হৈছে ৰাজস্থানে।

আফগানিস্তানৰ পৰা অহা পিয়াজৰ মূল্য প্ৰতি কেজিত প্ৰায় ৩৫ টকা যদিও খোৱাৰ অনুপযোগী হোৱাৰ বাবে গুদামতে পৰি ৰৈছে এই পিয়াজ সমূহ। ইফালে প্ৰতিকূল বতৰৰ বাবে নাছিক,গুজৰাট, কৰ্ণাটকত হ্ৰাস পাইছে পিয়াজ উৎপাদন।