/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/2017_7large_onion-farming.jpg.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত কৃষকে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা পিয়াজ প্ৰতি কিলো বিক্ৰী হয় মাত্ৰ ৫০ পইচাত৷ ৰাজ্যখনৰ কৃষকৰ বাবে এয়া নতুন কথা নহয় যদিও প্ৰকৃততে বিজেপিৰ পৰিৱৰ্তনকামী দেশত কৃষকে কি পৰিস্থিতি ভোগ কৰিবলগীয়া হৈ আহিছে ইয়ে সেয়াই উদঙাই দিয়ে৷
কৃষকৰ অধিকাৰৰ দাবীত নিতৌ প্ৰতিবাদ সাব্যস্ত হৈ আহিছে৷ আত্মহত্যা কৰিছে বহু কৃষকে৷ কিন্তু তাৰ পিছতো ৰাষ্ট্ৰ বা ৰাজ্য চৰকাৰসমূহে কৃষকসকলৰ অধিকাৰতো বাদেই তেওঁলোকে উৎপাদন কৰা শস্যৰ ন্যায্য দাম প্ৰাপ্তিৰ বাবেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ যাৰ ফলত এইবাৰ মহাৰাষ্ট্ৰৰ আহমদনগৰৰ কৃষকসকলে গ্ৰহণ কৰিছে আন এক প্ৰতিবাদী কৌশল৷
জিলাখনৰ কৃষকসকলে তেওঁলোকৰ দ্বাৰা উৎপাদিত পিয়াজ বিক্ৰী কৰি লাভ কৰা ধন ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ কিন্তু দুখৰ বিষয় এয়া যে কৃষকসকলৰ দ্বাৰা উৎপাদিত পিয়াজ প্ৰতি কিলোত তেওঁলোকে লাভ কৰিছে মাত্ৰ ৫০ পইচাকৈ৷
জিলাখনৰ এগৰাকী দৰিদ্ৰ কৃষক শ্ৰেয়ছ অভালেয়ে জনোৱা মতে দেওবাৰে সংগমনেৰ বজাৰত তেওঁ ২৬৭৫ কিলো পিয়াজ বিক্ৰী কৰে৷ প্ৰতি কিলো পিয়জত ৫০ পইচাকৈ তেওঁ যিমানখিনি ধন লাভ কৰে তাৰে গাড়ীৰ ভাৰা আৰু বনুৱাৰ খৰছ আদায় দিয়াৰ পিছত তেওঁৰ হাতত ৰয় মাত্ৰ ৬ টকা৷
কেৱল এইজন কৃষকৰে এয়া বিলৈ নহয়৷ বছৰজোৰা কষ্টৰ অন্তত জিলাখনৰ প্ৰায়বোৰ কৃষকেই ফচল বিক্ৰী কৰিও এটা দিনৰ খৰচ উলিয়াবলৈ সক্ষম নহয়৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষক সকলে ফচল বিক্ৰী কৰি ৰাহি হোৱা ধন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছলৈ প্ৰেৰণ কৰি নিজৰ অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে৷