/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news-new.jpg)
১. শোনিতপুৰত 'ডি' ভোটাৰৰ নামত ৫০টা গোৰ্খা সম্প্ৰদায়ৰ পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ। বিদেশী ন্যায়ধিকৰণত কোনো ধৰণৰ গোচৰ নোহোৱাকৈয়ে বিগত ১২ বছৰে হাৰাশাস্তি কৰি অহাৰ অভিযোগ পৰিয়ালকেইটাৰ।
২. আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত হ'ল দুই মুছলিম মহিলা। নিৰ্বাচিত মহিলা দুগৰাকী ইহান ওমৰ আৰু ৰচিগা তালিব।
৩. দীপাৱলীৰ চাকিৰ পৰাই মৰিয়নীত ভয়ংকৰ অগ্নিকাণ্ড। মৰিয়নীৰ চটাই চাহ বাগিচাৰ দীপক ভূমিজ নামৰ এজন লোকৰ বাসগৃহটো জুইত জাহ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/ddeb581f-374b-4881-a17b-5d4a28378b60.jpg)
৪. 'মি টু' সন্দৰ্ভত এইবাৰ মন্তব্য প্ৰকাশ কৰিলে অভিনেত্ৰী কল্কী কোচলিনে- 'যিমান প্ৰকাশ পাইছে তাতকৈও বেছি ঘটনা এতিয়াও অপ্ৰকাশিত হৈয়ে ৰৈছে।'
৫. হাজো-নলবাৰী পথৰ মুগকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা নলবাৰী চহৰ অভিমুখী এখন নেন'ই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে খাৱৈত। চালকৰ পলায়ন।
৬. ভাৰতীয় ক্ৰিকেটাৰক ভাল নোপোৱা লোকক দেশ এৰি যাবলৈ আহ্বান বিৰাট কোহলীৰ। ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হয় ভাৰতীয় অধিনায়কজন।
৭. পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই বিশ্বনাথত বিজেপিৰ নিৰ্বাচনী হুংকাৰ। বিশ্বনাথৰ কুৰুআতিত বিজেপিত যোগদান কৰিলে পাঁচ শতাধিক সংখ্যালঘু ৰাইজে।
৮. আতচবাজীয়ে ভস্মীভূত কৰিলে দিল্লীৰ লক্ষ্মীনগৰৰ এটা এ টি এম। জুইত জাহ যায় এটিএমৰ ৪ লক্ষাধিক টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DraTOE8WsAIr_TK-1.jpg)
৯. 'হিমন্ত বিশ্বই কোৱা ধৰণে সবল নহয় ৰাজ্যৰ বিত্তীয় অৱস্থা।' -বুধবাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
১০. পাকিস্তানত ইন্টাৰনেট হেকাৰৰ সন্ত্ৰাস। দেশখনৰ কেইবাখনো চহৰত হঠাৎ বন্ধ হৈ পৰিল ইন্টাৰনেট, বেংক সেৱা, মোবাইল নেটৱৰ্ক। প্ৰায় ২ ঘন্টা পিছতহে স্বাভাৱিক হৈ পৰে সকলো।
১১. কেন্দ্ৰৰ সৈতে সংঘাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। ১৯ নৱেম্বৰত কেন্দ্ৰৰ সৈতে সৈতে মিলিত হ'ব আলোচনাত। পদত্যাগ কৰিব পাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ অৰ্জিত পেটেলে।
১২. অৱশেষত বাৰানসীত সন্ধান পোৱা গ'ল লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজ প্ৰতাপ যাদৱৰ। বিবাহ বিচ্ছেদক লৈ পৰিয়ালৰ সৈতে মতানৈক্য ঘটাৰ পিছতে দেওবাৰৰ পৰা নিখোজ হৈ আছিল তেজ প্ৰতাপ।
১৩. তেলেংগানাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হায়দৰাবাদত বুধবাৰে চাৰিজন লোকৰ পৰা জব্দ কৰে ৭.৫১ কোটি টকা। উল্লেখ্য যে, যোৱা ২৯ অক্টোবৰ, ২০১৮তো হায়দৰাবাদ আৰক্ষীয়ে এখন গাড়ীৰ পৰা উদ্ধাৰ কৰিছিল প্ৰায় ১.২০ কোটি টকা।
১৪. মধ্যপ্ৰদেশত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বুধবাৰে কংগ্ৰেছে ২৯জনীয়া চতু্ৰ্থখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। অহা ২৮ নবেম্বৰত মধ্য প্ৰদেশত ২৩০খন আসনৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন।
১৫. দীপাৱলীৰ দিনাই বিহাৰৰ গুৰগ্ৰামত এখন বাছ দুৰ্ঘটনাত পতিত হয়। বহু কেইজন লোক আহত হোৱাৰ লগতে দুৰ্ঘটনাটোত মৃত্যু হয় এটি শিশুৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/746cef03-0467-46e3-b497-91e72ed45e88.jpg)
১৬. বুধবাৰে প্রধানমন্ত্ৰী মোডীয়ে টুইটাৰযোগে সমগ্ৰ দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোৰে জীৱন সুখকৰ হোৱাৰ লগতে শান্তিৰ কামনা কৰে।
১৭. বৃৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম ছাত্ৰ সন্থাই। ছাত্ৰ সন্থাৰ সৈতে এই প্ৰতিবাদত অংশ ল'ব ২৮টা জনগোষ্ঠীয় সংগঠনে।
১৮. বুধবাৰে আমেৰিকাত ৪০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হয় ভাৰতীয় মুলৰ দুজন লোক। উল্লেখ্য যে, ২০১৯ৰ ফেব্ৰুৱাৰী মাহত এক্সাছ আদালতে দুয়োৰে শাস্তি ঘোষণা কৰিব।
১৯. আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পৌম্পয়ৌৱে বুধবাৰে সমগ্ৰ বিশ্ববাসীক জনালে দীপাৱলীৰ শুভকামনা। মন্ত্ৰীগৰাকীয়ে ক'লে- এই উৎসৱত অন্ধকাৰৰ মাজত হ'ব পোহৰৰ জয়।
২০. অৰ্থনৈতিক সংকটত ভোগি থকা পাকিস্তানক বিত্ত সাহায্য আগবঢ়াব চীনে। কিছুদিনৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে চীনৰ বিদেশ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাছত চীনে কৰে এই ঘোষণা।
২১. আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ফেচবুকে ব্ল'ক কৰিলে ১১৫টা একাউণ্ট। আমেৰিকাৰ চাইবাৰ সুৰক্ষা নীতিৰ পৰামৰ্শ মতে ফেচবুকে ব্ল'ক কৰে এই একাউণ্ট কেইটা।
২২. তেজপুৰৰ দোলাবাৰী চাৰিআলিত জুইত ভস্মীভূত ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। আতচবাজীৰ পৰা সূত্ৰপাত হোৱা এই জুই নিৰ্বাপিত কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে।
২৩. আজি আমিৰ খানৰ পত্নী তথা প্ৰযোজক কিৰণ ৰাওৰ ৪৫সংখ্যক জন্মদিন। ১৯৭৩চনৰ ৭ নবেম্বৰত তেলেংগানাত জন্ম হৈছিল কিৰণ ৰাওৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/f8f63337-66b6-4265-a355-12288b71febd.jpg)
২৪. বটদ্ৰৱাৰ আই বি টি পথাৰত মৃতদেহ উদ্ধাৰ কেন্দ্ৰ কৰি চাঞ্চল্য। মণ্টু বৰা বুলি চিনাক্ত কৰা মৃতদেহটোত আঘাতৰ চিন স্পষ্ট।
২৫. আৰু, তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। চিকিৎসকৰ গাফিলতিৰ বাবেই মৰিয়ণীৰ মইনা বনীয়া নামৰ লোকজনৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ লোকৰ।