/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news-new.jpg)
১. নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত জাগীৰোডত প্ৰতিবাদ। এইচ পি চি পেপাৰ মিলছ ৰিভাইভেল একচন কমিটীৰ প্ৰতিবাদ সাব্যস্ত।
২. 'তিতলী' ছেনিটেৰী পেডৰ বেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি স্বৰ্ণকন্যা হিমা দাসক। সোমবাৰে এই কথা ঘোষণা কৰিলে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/b190cb79-6d4a-4afb-85b4-16fe9bc131c2.jpg)
৩. অমৃতসৰৰ বোমা বিস্ফোৰণৰ পাছত ভাৰত আৰু নেপাল সীমান্তত হাই এলাৰ্ট। মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী।
৪. 'চৰকাৰ আৰু ৰিৰ্জাভ বেংকৰ মাজত কোনো মতভেদ নাই, এয়া কংগ্ৰেছৰ অপপ্ৰচাৰ'- সোমবাৰে এই মন্তব্য কৰিলে পীয়ুষ গোৱেলে।
৫. অযোধ্যাৰ ৰামমন্দিৰৰ সৈতে সম্পৰ্ক থকা বিষয়ক লৈ নিৰ্মাণ কৰা প্ৰথমখন ছবি 'ৰাম জন্মভূমি'ৰ ট্ৰেইলাৰ মুক্তি পায় সোমবাৰে। ছবিখনত পৰিছালনা কৰিছে সনৌজ মিশ্ৰাই।
৬. সোমবাৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত নিযুক্তি দিয়া হয় ৩ জন নতুন ন্যায়াধীশ। বৰ্তমান মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হ'লগৈ ৩৫ জন।
৭. 'অমৃতসৰৰ বোমা বিস্ফোৰণত হাত আছে পাকিস্তানৰ'- এই মন্তব্য কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/16073c08-5ad1-4279-af89-c03d86364eff.jpg)
৮. সোমবাৰে গুৰুগ্ৰামত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মোডীয়ে ক'লে- 'পূৰ্বতে প্ৰতিদিনে ১২ কি:মি: পথ নিমাৰ্ণ হৈছিল, এতিয়া প্ৰতিদিনে ২৭ কি:মি: পথ নিৰ্মাণ হয়।'
৯. বিগত ওঠৰ মাহে খালী হৈ থকা ফ্লিপকাৰ্টৰ নতুন মানৱ সম্পদ বিষয়া নিযুক্তি। অহা ডিচেম্বৰত আনুষ্ঠানিক ভাৱে ফ্লিপকাৰ্টত যোগদান কৰিব স্মৃতি সিঙে।
১০. 'গণতন্ত্ৰ এতিয়া বিপদাপন্ন, আমি দুয়ো ৰক্ষা কৰিব লাগিব গণতন্ত্ৰ'- সোমবাৰে চন্দ্ৰবাবু নাইডুয়ে কলকতাত মমতা বেনাৰ্জীক সাক্ষাৎ কৰি কৰিলে এই মন্তব্য।
১১. শিমলুগুৰিত জ্বলন্ত অৱস্থাত মৃতদেহ উদ্ধাৰ। ৰে'ল জংচনৰ কাষৰ হাবিত উদ্ধাৰ মৃতদেহটো। এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়।
১২. দক্ষিণ কামৰূপৰ গৰৈমাৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ। অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে গৰৈমাৰী সত্ৰ নামঘৰৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী। ৫ দিন ধৰি বিদ্যুৎ কৰ্তন গৰৈমাৰী সত্ৰ গাঁৱত।
১৩. 'গঁড় চিকাৰী গণেশ দলে হেনো শিক্ষিত যুৱক, সেয়েহে প্ৰাৰ্থিত্ব দিছে অগপই।'- এই মন্তব্য কৰিছে অগপ সভাপতি অতুল বৰাই।
১৪. আজি বলিউদৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেনৰ জন্মদিন। ১৯৭৫ চনৰ ১৯ নৱেম্বৰত হাইদৰাবাদত জন্মগ্ৰহণ কৰিছিল সুস্মিতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/65309958-2558-4e1d-9dad-68de70da7608.jpg)
১৫. ধুবুৰীৰ ২৮ গোসাঁইগাঁও সমষ্টিৰ অন্তৰ্গত হাতীধূৰা ব্লক কংগ্ৰেছত ব্যাপক খহনীয়া। সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফত যোগদান কৰে।
১৬. বটদ্ৰৱাৰ ধুনীয়াভেটিত পিষ্টলসহ এজনক আটক। ধৃত লোকজন শিলপুখুৰী গাঁৱৰ মজিবুৰ ৰহমান। মজিবুৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা বিদেশত নিৰ্মিত পিষ্টল, এটা মেগজিন আৰু এজাঁই গুলী।
১৭. চীনৰ স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান ছাঅ'মিয়ে ২২ নৱেম্বৰত মুকলি কৰিব ৰেডমি নোট ৬ প্ৰ।'
১৮. মঙলবাৰে চত্তীশগড়ত সম্পন্ন হ'ব দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন। ১০৭৯ জন প্ৰাৰ্থীৰ ভাগ্যপৰীক্ষা ।
১৯. 'বিগত দুটা দশকত ২০১৬ত দিল্লীৰ বায়ু আছিল আটাইতকৈ বিষাক্ত।' এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।
২০. কেন্দ্ৰীয় মন্ত্ৰী অলফৌন্স কট্টতনমে সোমবাৰে কেৰালাৰ সবৰিমালা মন্দিৰ দৰ্শন কৰি ক'লে- 'কেৰালা চৰকাৰে মন্দিৰৰ তীৰ্থযাত্ৰী সকলৰ লগত ডকাইতৰ নিচিনা ব্যৱহাৰ কৰে।'
২১. গোৱালপাৰাত কংগ্ৰেছ প্ৰাৰ্থীক গ্ৰেপ্তাৰ। একাধিক জালিয়াতিৰ গোচৰত টাকিমাৰী জিলা পৰিষদৰ প্ৰাৰ্থী মহিৰুদ্দিনক গ্ৰেপ্তাৰ কৰে লক্ষীপুৰ আৰক্ষীয়ে।
২২. ৰঙিয়াৰ মৰাণজানাত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাৰিজন। দ্ৰুতবেগী মাৰুতী ৮০০ গাড়ীয়ে মহতিয়াই নিলে পথচাৰীক। আহত চাৰিওজনকে সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ।
২৩. তিনিচুকীয়াৰ জাগুনত এজন লোকক অপহৰণ। এটা শিলৰ কোঁৱেৰীৰ মেনেজাৰ অপূৰ্ব কাকতিক অপহৰণ কৰে এটা অস্ত্ৰধাৰী দলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/9ba425ab-7456-47e0-b707-6ab047ec14ef.jpg)
২৪. 'ৰাহুল গান্ধীক কেনেদৰে প্ৰক্ষেপ কৰিব তাক লৈ কংগ্ৰেছৰ এতিয়া ডাঙৰ চিন্তা'- সোমাবাৰে ৰাহুল গান্ধী টিপ্পনী কৰিলে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে।
২৫. মৰিয়নীত ধোদৰ আলি পথ অৱৰোধ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছাৰ প্ৰতিবাদ। হাতীৰ উপদ্ৰৱৰপৰা ৰাইজক ৰক্ষা কৰাৰ দাবী।