/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news-new.jpg)
১. দেওবাৰৰ পৰা বিমানযোগে বিদেশলৈ ৰপ্তানি হ'ব অসমৰ শাক-পাচলি। অসমৰ কেঁচা শাক-পাচলি লৈ দেওবাৰে সন্ধিয়া প্ৰথমবাৰৰ বাবে ডুবাইলৈ উৰা মাৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান।
২. গঁড় চিকাৰীৰ পিছত এইবাৰ ৰঙাঘৰৰ ভাত খোৱা বিচাৰধীন আচামীক ৱাৰ্ড মেম্বাৰৰ টিকট দিলে কংগ্ৰেছে। ধনৰ বিনিময়ত শোণিতপুৰৰ চিৰাজুলি পঞ্চায়তত চাইবাৰ ক্ৰাইমত অভিযুক্তক টিকট দিয়াৰ অভিযোগ।
৩. সোণাৰিৰ বৰহাট চাহ বাগিচাৰ মংলো লাইনত বিদ্যুত্স্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকীৰ নাম শকুন্তলা মেহৰা।
৪. আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দেওবাৰে মধ্যপ্ৰদেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২৮ নৱেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ।
৫. আজি ৬৪ বছৰত ভৰি দিলে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ১৯৫৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকী জন্ম হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/61520fda-78e1-468f-b0b4-2999df7626c2.jpg)
৬. যমুনামুখত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ বিজেপিত তীব্ৰ অসন্তুষ্টি। ১৪টা পঞ্চায়ত, আঞ্চলিক সদস্যৰ লগতে যমুনামুখৰ মণ্ডল সভাপতিদ্বয় পুতুল দাস আৰু জয়ভদ্ৰ মেচে ওভতাই দিলে টিকট।
৭. বৰপেটাৰ কলহভঙাত কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। একাংশ ক্ষুব্ধ দলীয় কৰ্মীয়ে লণ্ডভণ্ড কৰিলে ৰাজীৱ ভৱন। সমূহীয়াভাৱে দল ত্যাগ ক্ষুব্ধ কংগ্ৰেছ কৰ্মীৰ।
৮. 'কংগ্ৰেছ গান্ধী পৰিয়ালৰ প্ৰাইভেট লিমিটেড পাৰ্টি।' দেওবাৰে মধ্যপ্ৰদেশৰ জনসভাত কংগ্ৰেছক এনেদৰে কটাক্ষ কৰিলে অমিত শ্বাহে।
৯. 'সংবিধানতকৈ ডাঙৰ ভগৱান, গতিকে পলম নকৰি নিৰ্মাণ কৰক ৰাম মন্দিৰ।' দেওবাৰে এই মন্তব্য বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙৰ।
১০. ২৩ নৱেম্বৰত দেশৰ ছবিগৃহত মুক্তি পাব ছানী দেউল অভিনীত হিন্দী ছবি 'ভাইজী ছুপাৰহিট'। ছবিখনৰ পৰিছালনা কৰিছে নীৰজ পাঠকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/1531198013-640_bhaiyyaji_poster.jpg)
১১. ছিমলাৰ কুল্লুত শনিবাৰে নিশা অগ্নিকাণ্ডত জাঁহ যায় ১১ টাকৈ বাসগৃহ। ১.৫ কোটি টকাৰ সম্পত্তি ভস্মীভূত।
১২. চৰম নিৰাপত্তাহীনতাত ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাৰ গ্ৰাহক। এগৰাকী শিক্ষয়িত্ৰীৰ বেংক একাউণ্টৰ পৰা ৪ দিনত হৰলুকী ৪ লাখ ১০ হাজাৰ টকা।
১৩. উত্তৰ প্ৰদেশৰ দয়ানগৰ অঞ্চলত এজন ২৫ বছৰীয়া যুৱকৰ আত্মহত্যা। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
১৪. দলিত সম্প্ৰদায়ৰ ভিন্ন সমস্যাৰ সমাধানৰ দাবীত অহা ২৬ নৱেম্বৰত দিল্লীত 'সংবিধান দিৱস সমাৰোহ' আয়োজন কংগ্ৰেছৰ ।
১৫. শ্ৰীলংকাৰ ৰাজনৈতিক সংকট দুৰ কৰাৰ লক্ষ্যৰে দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি মৌত্তিপালা চিৰিসেনাই আয়োজন কৰে সৰ্বদলীয় বৈঠক। কলম্বৌৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় এই বৈঠক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/gcTy8PRT_400x400.jpg)
১৬. 'দুনীৰ্তি হৈছে কংগ্ৰেছৰ স্বভাৱ, দেশৰ জনগণে এই কথা জানে বাবেই বিশ্বাস নকৰে কংগ্ৰেছক'- দেওবাৰে মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰত এই মন্তব্য মোদীৰ।
১৭. দিল্লীত সংঘটিত হল অমানৱীয় কাৰ্য। ২ বছৰীয়া এটি শিশুক অপহৰণ কৰি বলাৎকাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনক।
১৮. দেওবাৰে পঞ্জাৱৰ অমৃতসৰত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ সংঘটিত কৰাৰ পাছত পশ্চিম উত্তৰ প্ৰদেশত প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট।
১৯. ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দেওবাৰে কংগ্ৰেছে প্ৰকাশ কৰে ১৮ জনীয়া তৃতীয়খন তালিকা ।
২০. ছিমলাৰ ফেডিছ পুলৰ সমীপত দেওবাৰে ৫০০ মিটাৰ দ খাৱৈত পৰিল মহিন্দ্ৰা পিকআপ। থিতাতে নিহত হয় এজন লোক। ঘটনাস্থলীত উপস্থিত আৰক্ষী।
২১. চত্তীশগড়ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ দেওবাৰে অন্ত পৰে। অহা ২০ নৱেম্বৰত ৭২ খন আসনৰ বাবে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
২২. বিহগী কবি ৰঘুনাথ চৌধাৰীৰ দেহাৱসান হৈছিল ১৯৬৭ চনৰ আজিৰ দিনটোতে ।
২৩. 'পঞ্জাৱত ২০১৯ৰ জানুৱাৰীৰ প্ৰথমটো সপ্তাহতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন।'- দেওবাৰে এই ঘোষণা কৰিলে ৰাজ্যখনৰ পঞ্চায়ত মন্ত্ৰী ৰাজিন্দৰ সিং বাজপাই ।
২৪. চত্তীশগড়ৰ বিধানসভা নিৰ্বাচন সমাপ্ত নহওতেই দেওবাৰৰ লৈকে আৰক্ষীয়ে জব্দ কৰিছে মুঠ ১১.৮৫ কোটি টকাৰ অবৈধ সামগ্ৰী। প্ৰশাসনে কৰিলে এই ঘোষণা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/42068852_420042378524068_2279145231840383211_n.jpg)
২৫. আৰু, ৭ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব অসমীয়া বোলছবি 'ছাছপেণ্ডেন্ট ইন্সপেক্টৰ বড়ো'। পূৰ্বে ৰাইজৰ হৃদয় স্থান লাভ কৰা 'লোকেল কুংফু' আৰু লোকেল কুংফু-২' ছবি কেইখনৰ নিৰ্মাতাৰ দলটোৱেই নিৰ্মাণ কৰিছে এই ফিল্মখন।