১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. 'পাপ্পু এতিয়া পৰম পূজ্য হৈ গ'ল'- বুধবাৰে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দল এম এন এছৰ নেতা ৰাজ থাকৰে কৰিলে এই মন্তব্য।

Advertisment

২. 'ৰিৰ্জাভ বেংকৰ গৰিমা বজাই ৰাখি আগন্তুক সময়ত কাম কৰি যাম' আৰ বি আইৰ নৱনিযুক্ত গ'ৱৰ্ণৰ শান্তিকান্ত দাসে কৰিলে এই মন্তব্য।

৩. মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছক সমৰ্থন কৰিব মায়াৱতী বহুজন সমাজবাদী পাৰ্টিয়ে। বুধবাৰে মায়াৱতীয়ে কৰিলে এই ঘোষণা।

৪. কেৰালাৰ সবৰিমালা মন্দিৰৰ সন্মুখত আৰক্ষীয়ে নিৰ্মাণ কৰা বেৰিকেট আতৰাবলৈ আদেশ দিছে কেৰালা উচ্চ ন্যায়ালয়ে। বুধবাৰে প্ৰদান কৰে এই নিৰ্দেশ।

৫. '৩ ৰাজ্যত কংগ্ৰেছে জয়লাভ কৰাৰ পাছত মমতা বেনাৰ্জীয়ে ৰাহুল গান্ধীক অভিনন্দন জনাবলৈ লাজ পাইছে।'- সংবাদমেলত কংগ্ৰেছৰ এজন মুখপাত্ৰই কৰিলে এই মন্তব্য।

৬. বুধবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত হয় পাটনাত। মহাবীৰ মন্দিৰো পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীজনে।

৭. 'বিগত ৩ বছৰত চৰকাৰে দেশৰ ১১জন পলৰীয়া অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে।'- সংসদত এই তথ্য দাঙি ধৰিলে কেন্দ্ৰীয় চৰকাৰে।

৮. বৃহস্পতিবাৰে সমগ্ৰ দেশৰ বিজেপি সাংসদ সকলৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী। নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত কৰিব আলোচনা।

৯. '১০ দিনৰ ভিতৰতে মধ্যপ্ৰদেশৰ কৃষকৰ ঋণ মাফ কৰি দেখাওক কংগ্ৰেছে' মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি এই মন্তব্য শিৱৰাজ সিঙ চৌহানৰ।

১০. বুধবাৰে ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ৩৭ সংখ্যক জন্মদিন। লাখ লাখ শুভাকাংশীয়ে ছচিয়েল মিডিয়াযোগে জনালে শুভেচ্ছা।

১১. 'ভাৰতৰ মাটিত পাকিস্তানৰ সৈনিকে দখল কৰি থকা মাটি এৰি যাবলৈ বিগত মাহত দিয়া হৈছে নিৰ্দেশ।'- বুধবাৰে সদনত এই মন্তব্য সুষমা স্বৰাজৰ।

১২. ৬৮ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি বুধবাৰে ৰজনীকান্তে আহিবলগীয়া ছবি 'পেট্টা' টেইলাৰ মুক্তি দিয়ে।

১৩. 'সদ্যঘোষিত নিৰ্বাচনত ৩ খন ৰাজ্য হেৰুৱাৰ পাছতো কিয় বিজেপি নেতা-কৰ্মীসকলে মোদীৰ বিৰুদ্ধে মাত নমতাৰো চিন্তনীয়' যোশোৱন্ত সিংহাই কৰিলে এই মন্তব্য ।

১৪. '২০১৬-১৭ বৰ্ষত দেশত ১০৪ টা ৰে'ল দুৰ্ঘটনাত ২৩৮ জন লোক মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ৩৬৯ জন লোক।' বুধবাৰে সদনত এই তথ্য দাঙি ধৰিলে ৰে'লমন্ত্ৰী পিয়ুুজ গোৱেলে।

১৫. বহুজন পাৰ্টিৰ পাছত মধ্যপ্ৰদেশত অভিলেষ যাদৱৰ সমাজবাদী পাৰ্টিয়েও সমৰ্থন কৰিব কংগ্ৰেছক। অভিলেখ যাদৱৰ এই ঘোষণা।

১৬. অহা শুকুৰবাৰে সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি পাব তামিল ছবি 'ঔডিয়ান'। ছবিখনত অভিনয় কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা মোহনলালে।

১৭. অমৃতসৰত বুধবাৰে দিন দুপৰতে এজন বেংক কৰ্মচাৰীৰ পৰা দুৰ্বৃৰ্ত্তই লুটি নিলে ১১ লাখ টকা। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

১৮. বুধবাৰে নিশা জম্মু-কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদী আৰু সেনাৰ সংৰ্ঘষ। বৰ্তমানৰ লৈকে হতাহতি হোৱা নাই কোনো লোক।

১৯. বুধবাৰে হিমাচল প্ৰদেশ চৰকাৰে বিধানসভাত দাখিল কৰে ৪ খন নতুন বিধেয়ক।

২০. 'দেশৰ জনসাধাৰণ সজাগ আৰু সচেতন হব লাগিব, তেতিয়াহে দেশত নিৰ্মূল হব দুৰ্নীতি আৰু দৰিদ্ৰতা।'- এই মন্তব্য ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ।

২১. ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত দিল্লীৰ সংসদ ভৱনৰ সন্মুখত শিৱসেনাৰ সমৰ্থকৰ প্ৰতিবাদ।

২২. উত্তৰ প্ৰদেশত দলিত সম্প্ৰদায়ৰ এগৰাকী মহিলাক বলাৎকাৰ কৰি হত্যা কৰিলে দুবৃৰ্ত্তই। আৰক্ষীৰ তদন্ত অব্যাহত।

২৩. বলিউদ অভিনেত্ৰী জৰীন খান দুৰ্ঘটনাত পতিত। স্কুটী দুৰ্ঘটনাত মূৰত আঘাত পাইছে অভিনেত্ৰী গৰাকীয়ে।

২৪. জম্মু-কাশ্মীৰত সেনা-সংৰ্ঘষত ২০১৮ বৰ্ষত নিহত হৈছে মুঠ ৮৬জন সেনা জোৱান।

২৫. আৰু ৰাজ্যত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। ২৬খনকৈ জিলাত ভোটগণনাত ব্যস্ত ২০হাজাৰ কৰ্মচাৰী।