পুনৰ বৃদ্ধি ইন্ধনৰ মূল্যঃ ১৯ হাজাৰ কোটি ৰাজহ ঘাটি পূৰণ কৰিবলৈ ধাৰাবাহিক বৃদ্ধি হ’ব পেট্ৰ’ল, ডিজেলৰ মূল্য…

পুনৰ বৃদ্ধি ইন্ধনৰ মূল্যঃ ১৯ হাজাৰ কোটি ৰাজহ ঘাটি পূৰণ কৰিবলৈ ধাৰাবাহিক বৃদ্ধি হ’ব পেট্ৰ’ল, ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

ফাইল ফটো

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। যোৱা ৫ টা দিনৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত ৮০ পইছাকৈ বৃদ্ধি পাইছে। দিল্লীত এতিয়া প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৮.৬১ টকা আৰু ডিজিলেৰ মূল্য ৮৯.৮৭ টকা হৈছেগৈ।

Advertisment

ইয়াৰ পূৰ্বে ২২, ২৩ আৰু ২৫ মাৰ্চতো ৮০ পইছাকৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল। উল্লেখ্যে যে বিগত প্ৰায় ৩ টা মাহত ইন্ধনৰ মূল্য অপৰিবৰ্তিত থকাৰ পাছত ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে ধাৰাবাহিকভাৱে মূল্য বৃদ্ধি আৰম্ভ হৈছে।

যোৱা ২২ মাৰ্চৰ পৰা ৰন্ধন গেছ আৰু চিএনজি-পিএনজিৰ মূল্যও বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ, মুডিৰ ৰেটিং এজেঞ্চীয়ে এক প্ৰতিবেদন প্ৰকাশ কৰি কৈছে যে, ভাৰতৰ শীৰ্ষ ইন্ধন ৰিটেইলাৰ ইণ্ডিয়ান অইল কৰপোৰেচন. ভাৰত পেট্ৰ'লিয়াম কৰপোৰেচন লিমিটেড আৰু হিন্দুষ্টান পেট্ৰ'লিয়াম কৰপোৰেচন লিমিটেডে নৱেম্বৰ আৰু মাৰ্চৰ ভিতৰত প্ৰায় ২.২৫ বিলিয়ন ডলাৰ (ভাৰতীয় মূল্যৰ টকাৰ হিচাপত ১৯,০০০ কোটি টকা) ৰাজহ হেৰুৱাইছে। সেয়হে চৰকাৰে পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধিত অনুমোদন দিছে আৰু ক্ৰমান্বয়ে ধাৰাবাহিকভাৱে ইয়াৰ মূল্যবৃদ্ধি আৰু অধিক হ'ব।

কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ লৈকে পেট্ৰ'ল আৰু ডিজেলকে ধৰি পেট্ৰ'লিয়াম সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰৰ পৰা ৩.৩১ লাখ কোটি টকা সংগ্ৰহ কৰিছে। এক আৰ টি আইত এই কথা প্ৰকাশ পাইছে। এক আৰ টি আই প্ৰশ্নৰ উত্তৰত চৰকাৰে কয় যে, পেট্ৰ'লিয়াম সামগ্ৰীৰ আমদানিৰ ওপৰত ৩৭,৬৫৩.১৪ কোটি টকাৰ শুল্ক আৰোপ কৰা হৈছিল, আনহাতে কেন্দ্ৰীয় আবকাৰী শুল্ক হিচাপে ৰাজকোষত ২,৯৩,৯৬৭.৯৩ কোটি টকা জমা কৰা হৈছে। মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আবকাৰী শুল্ক ১৩ বাৰ বৃদ্ধি কৰিছে।