নেচনেল ষ্টক এক্সেঞ্জৰ গ্ৰাহকৰ সংখ্যাই অতিক্ৰম কৰিলে ২০ কোটিৰ ঘৰ...

মাত্ৰ ৮ মাহতে বৃদ্ধি পালে ৩ কোটিৰো অধিক গ্ৰাহক

author-image
Asomiya Pratidin
New Update
নেচনেল ষ্টক এক্সেঞ্জৰ গ্ৰাহকৰ সংখ্যাই অতিক্ৰম কৰিলে ২০ কোটিৰ ঘৰ...

নেচনেল ষ্টক এক্সেঞ্জৰ গ্ৰাহকৰ সংখ্যাই অতিক্ৰম কৰিলে ২০ কোটিৰ ঘৰ...

ডিজিটেল ডেস্কঃ ভাৰতীয় শ্বেয়াৰ বজাৰৰ ব্যাপক উত্থান, পতনৰ পাছতো শ্বেয়াৰ বজাৰৰ প্ৰতি মানুহৰ আকৰ্ষণ হ্ৰাস পোৱা নাই। বৰঞ্চ বহু লোক নতুনকৈ এই বজাৰখনৰ অংশীদাৰ হৈছে। বিশেষকৈ ডিজিটেল ব্যৱস্থাৰ বাবেই সৰু চহৰৰ বিনিয়োগকাৰী সকলো এই বজাৰখনৰ সক্ৰিয় অংশীদাৰ হৈ পৰিছে।

Advertisment

অতি শেহতীয়াকৈ নেচনেল ষ্টক এক্সেঞ্জ (NSE)ৰ গ্ৰাহকৰ সংখ্যা ২০ কোটিৰ ঘৰ অতিক্ৰম কৰিলে। মাত্ৰ ৮ মাহ পূৰ্বে নেচনেল ষ্টক এক্সেঞ্জৰ পঞ্জীয়নভুক্ত গ্ৰাহকৰ সংখ্যা আছিল ১৬.৯ কোটি। নেচনেল ষ্টক এক্সেঞ্জে এই সাফল্যৰ বাবে ডিজিটেল টেকনলজীৰ ব্যৱহাৰৰ কথাক সোঁৱৰিছে।

নেচনেল ষ্টক এক্সেঞ্জে এক বিজ্ঞপ্তিত এই সন্দৰ্ভত কয়, ৰাজ্য অনুসৰি NSEত মহাৰাষ্ট্ৰৰ নাগৰিকৰ সৰ্বাধিক একাউণ্ট আছে। মহাৰাষ্ট্ৰৰ মুঠ ৩.৬ কোটি একাউণ্ট আছে নেচনেল ষ্টক এক্সেঞ্জত। ইয়াৰ পাছতেই আছে উত্তৰ প্ৰদেশ আৰু গুজৰাট। নেচনেল ষ্টক এক্সেঞ্জত এই দুয়োখন ৰাজ্যৰ একাউণ্ট আছে ক্ৰমে ২.২ কোটি আৰু ১.৮ কোটি। তাৰোপৰি ৰাজস্থান আৰু পশ্চিমবংগৰ একাউণ্ট আছে ১.২ কোটিকৈ।

NSE ৰ মুখ্য ব্যৱসায় বিকাশ বিষয়া শ্ৰীৰাম কৃষ্ণণনে এই সন্দৰ্ভত কয়, আমি আমাৰ বিনিয়োগকাৰীৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছো। ফেব্ৰুৱাৰী মাহত প্ৰায় ১৭ কোটি একাউণ্ট গণনাৰ পিছত মাত্ৰ আঠ মাহৰ পাছতে আমাৰ মুঠ একাউণ্ট প্ৰায় তিনি কোটি বৃদ্ধি পাইছে।

গ্ৰাহকৰ এই সংখ্যা বৃদ্ধিৰ কাৰণ হৈছে ম'বাইল ব্যৱসায়ৰ ব্যাপক প্ৰসাৰতা আৰু চৰকাৰৰ ডিজিটেল পদক্ষেপৰ দ্বাৰা সমৰ্থিত বিনিয়োগকাৰীৰ সজাগতা বৃদ্ধি। এই কাৰকবোৰৰ বাবেই বিশেষকৈ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্তৰৰ চহৰৰ বিনিয়োগকাৰীসকল লাভান্বিত হৈছে। এতিয়া ডিজিটেল মাধ্যমৰ বাবেই  সৰু চহৰৰ বিনিয়োগকাৰীসকলেও শ্বেয়াৰ বজাৰৰ গণিত বুজি উঠিছে আৰু সহজে বিনিয়োগ কৰিব পাৰিছে।

Also Read: কুলদা কুমাৰ ভট্টাচাৰ্যঃ গতি অপ্ৰতিৰোধ্য...

শ্বেয়াৰ বজাৰ নেচনেল ষ্টক এক্সেঞ্জ