ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰ’লকৈ ডিজেলৰ দাম হ’ল অধিক…

ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰ’লকৈ ডিজেলৰ দাম হ’ল অধিক…

author-image
asomiyapratidin
New Update
ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰ’লকৈ  ডিজেলৰ দাম হ’ল অধিক…

ডিজিটেল ডেস্কঃ বিগত দিনত ধাৰাবাহিকভাৱ বৃদ্ধি পাই আছে পেট্ৰ'ল-ডিজেলৰ মূল্য। প্ৰায় ১৭টা দিনৰ মূল্যবৃদ্ধিৰ অন্তত বুধবাৰে পেট্ৰ'লৰ মূল্য বৃদ্ধি হোৱা নাই যদিও প্ৰতিলিটাৰ ডিজেলত ৪৮ পইচাকৈ বৃদ্ধি পালে। উল্লেখ্যনীয় কথাটো হ'ল যে, ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰ'লতকৈ ডিজেলৰ মূল্য বৰ্তমান অধিক। বুধবাৰৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৯.৭৬টকাৰ বিপৰীতে ডিজেল প্ৰতিলিটাৰত মূল্য হৈছেগৈ ৭৯.৮৮টকা।