/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/cars-only-for-dimpul.jpg)
ডিজিটেল ডেস্কঃ দেশৰ গাড়ীৰ বজাৰত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীৰ তালিকাত সুদীৰ্ঘ বছৰ ধৰি আধিপত্য বিস্তাৰ কৰি থকা এল্ট'ই যোৱা নবেম্বৰত ইয়াৰ শীৰ্ষ স্থান হেৰুৱাই চতুৰ্থ স্থানলৈ অৱনমিত কৰিছে। গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহৰ উমৈহতীয়া সংস্থা ছিয়ামে প্ৰকাশ কৰিছে এই তথ্য।
সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি যোৱা নবেম্বৰত সৰ্বাধিক বিক্ৰী হোৱা যাত্ৰীবাহী গাড়ীৰ শাখাত শীৰ্খ স্থান দখল কৰে হেটছ বেক ছুইফটে। প্ৰতিষ্ঠান যোৱা ২০১৭চনৰ নবেম্বৰত ১৩,৩৩৭খন ছুইফট বিক্ৰী কৰাৰ বিপৰীতে চলিত বৰ্ষৰ নবেম্বৰত বিক্ৰী কৰিছে ২২,১৯১খন ছুইফট। ২০১৭ৰ নবেম্বৰত দেশত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীৰ তালিকাত ষষ্ঠ স্থানত আছিল ছুইফট।
২০১৮ৰ নবেম্বৰত এই তালিকাৰ তৃতীয় স্থান লাভ কৰে প্ৰিমিয়াম হেটছ বেক বলেন'ই। ইফালে, দ্বিতীয় স্থান লাভ কৰে মাৰুতীৰ কমপেক্ট ছেডান ডিজায়াৰে। লক্ষণীয় যে, ২০১৭ৰ নবেম্বৰত ২৪,১৬৬খন এল্ট' বিক্ৰী হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ নবেম্বৰত প্ৰতিষ্ঠানটোৱে কেৱল ৪,৩৭৮খন এল্ট' গাড়ীহে বিক্ৰী কৰিছে।
এই তালিকাৰ পঞ্চম স্থানত আছে ভিটাৰা ব্ৰিজা, ষষ্ঠ স্থানত আছে ৱেগ'নাৰ, সপ্তম স্থানত আছে হুইণ্ডাইৰ প্ৰিয়িমিয়া হেটছ বেক এলিছ আই-২০, অষ্টম স্থানত আছে হুইণ্ডাইৰ ক্ৰেটা, নৱম স্থানত আছে হুইণ্ডাৰ গ্ৰেণ্ড আই-১০ আৰু দশক স্থানত আছে চেন্ট্ৰ'।