/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/Tata_Nano_Yellow.jpg)
ডিজিটেল ডেস্কঃ বিগত দিনসমূহত অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত দেশৰ গাড়ীনিৰ্মাতা প্ৰতিষ্ঠানসমূহে উৎপাদন হ্ৰাস কৰাৰ লগতে বন্ধ কৰিছিল প্ৰায় ২০০ ৰো অধিক ডিলাৰ। ইয়াৰ কাৰন আছিল অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত দেশত বিগত সময়চোৱাত হ্ৰাস পাইছে গাড়ী বিক্ৰীৰ সংখ্যা। কিন্তু বিগত ৯ মাহত এখন গাড়ীৰ বিক্ৰী অতিপাত হ্ৰাস পাইছে। গাড়ীখন হৈছে টাটা কোম্পানীৰ এসময়ৰ জন সমাদৃত বাহন নেন।
প্ৰাপ্ৰ খবৰনুসৰি বিগত ৯ টা মাহত নেন গাড়ীৰ বিক্ৰী হৈছে মাত্ৰ এখন। এইবৰ্ষত ফেব্ৰুৱাৰীতে বিক্ৰী হৈছিল এই গাড়ীখন, তাৰ পাচৰে পৰা এখনো বিক্ৰী হোৱা নাই নেন গাড়ী। গাড়ীখনৰ বিক্ৰী এনেদৰে হ্ৰাস হোৱালৈ চাই টাটাই অচিৰেই স্থায়ীৰূপে বন্ধ কৰিব পাৰে নেন গাড়ীৰ নিৰ্মাণৰ লগতে বিক্ৰী। ইফালে পূৰ্বেও টাটাই এজন বিষয়াই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছিল যে, ২০২০ত সম্পূুৰ্ণৰূপে বন্ধ হব নেন গাড়ী। উল্লেখ্য যে, বিগত ১টা বছৰে টাটাই এখনো নেন গাড়ী নিৰ্মাঁ কৰা নাই।