/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/19_17_345826888nitiayog-ll.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০১৯ৰ পূৰ্বে সোমবাৰে ৰাহুল গান্ধীয়ে দেশবাসীৰ সন্মুখত নূন্যতম আয় গেৰেন্টী যোজনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই যোজনাৰ অধীনত দেশৰ ২০ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক মাহিলী ৬০০০ টকাকৈ বাৰ্ষিক ৭২ হাজাৰ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ এই প্ৰতিশ্ৰুতিৰ পিছতে সমালোচনাত সৰৱ হৈ পৰিছে কেন্দ্ৰীয় নীতি আয়োগ। নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে টুইট যোগে ৰাহুল গান্ধীক সমালোচনা কৰি এই প্ৰতিশ্ৰুতি কেতিয়াও কাৰ্যকৰী নহয় বুলি দাবী কৰে।
এক টুইটত ৰাজীৱ কুমাৰে লিখিছে, 'কংগ্ৰেছৰ পুৰণি ৰেকৰ্ড চালে গম পায় যে তেওঁলোকে এনে মিছা প্ৰতিশ্ৰুতিৰে জনতাক প্ৰায়ে আভুৱা ভাঁৰি আহিছে। তেওঁলোকে নিৰ্বাচনত জয়লাভৰ বাবেই এনেবোৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে যিখন যোজনাৰ ঘোষণা কৰিছে, তাৰ দ্বাৰা ৰাজকীয় অনুশাসন ধ্বংস হ'ব। এই আঁচনিয়ে মানুহক কাম নকৰিবলৈ উৎসাহিত কৰিব। যাৰ পৰিপ্ৰেক্ষিতত এই আঁচনি কেতিয়াও ৰূপায়িত নহ'ব।'
তেওঁ কংগ্ৰেছৰ সমালোচনা কৰি পুনৰ লিখিছে, 'দৰিদ্ৰ নিৰ্মূলকৰণক লৈ কংগ্ৰেছে ৰাজনীতি কৰি আহিছে। ২০০৮ চনত এটা ৰেংক, এটা পেঞ্চনৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু কাৰ্যতঃ সেয়া সম্ভৱ হৈ নুঠিল। ২০১৩ চনত খাদ্য সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিও সেয়া পূৰণ কৰিব নোৱাৰিলে। তেনে স্থলত এতিয়া প্ৰদান কৰা প্ৰতিশ্ৰুতিও যে পূৰণ নহয়, সেয়া নিশ্চিত।'