Advertisment

বিশ্বব্যাপী প্ৰযুক্তি ব্যৱসায়ত সৰ্ববৃহৎ খেলুৱৈ হৈ উঠিব পাৰে ভাৰত...

দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে এক অনুষ্ঠানত কয়, ভাৰতৰ উদ্ভাৱন যেনে দ্ৰুত বাণিজ্য, সময়ৰ লগে লগে বিশ্বব্যাপী প্ৰযুক্তি ব্যৱসায়ত বিশ্বৰ সৰ্ববৃহৎ খেলুৱৈ হৈ উঠিব পাৰে।

author-image
Asomiya Pratidin
New Update
নিৰ্মলা সীতাৰমণ

ডিজিটেল ডেস্কঃ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে এক অনুষ্ঠানত কয়, ভাৰতৰ উদ্ভাৱন যেনে দ্ৰুত বাণিজ্য, সময়ৰ লগে লগে বিশ্বব্যাপী প্ৰযুক্তি ব্যৱসায়ত বিশ্বৰ সৰ্ববৃহৎ খেলুৱৈ হৈ উঠিব পাৰে। তেওঁ লগতে কয় যে, বিভিন্ন ক্ষেত্ৰতে এক শক্তিশালী ইণ্ডিয়া ব্ৰেণ্ড স্থাপন কৰাৰ প্ৰয়োজন।  

Advertisment

বেংগালুৰুত ইণ্ডিয়া ফাউণ্ডেশ্যনে অনুষ্ঠিত কৰা অষ্টম ইণ্ডিয়া আইডিয়াছ কনক্লেভত অংশগ্ৰহণ কৰি নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতীয় ষ্টাৰ্টআপ আৰু গিগ অৰ্থনীতি হৈছে ভাৰতৰ উদ্ভাৱন শক্তিৰ প্ৰকৃত প্ৰতিফলন। তেওঁ কয় যে, এই পদক্ষেপসমূহৰ জৰিয়তে দেশখনে আধুনিক নগৰীয় প্ৰয়োজনীয়তাৰ উদ্ভাৱনী সমাধানৰ কেন্দ্ৰ হিচাপে "ব্ৰেণ্ড ইণ্ডিয়া" স্থাপন কৰিব পাৰে।

দ্ৰুত বাণিজ্যৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কোম্পানীসমূহে সামগ্ৰীৰ দ্ৰুত বিতৰণ নিশ্চিত কৰাৰ বাবে শক্তিশালী আন্তঃগাঁথনি আৰু লজিষ্টিক নেটৱৰ্ক নিৰ্মাণ কৰিছে।তেওঁ লগতে কয় যে ভাৰতে "ভাৰত খাদ্য আৰু ঔষধ প্ৰশাসন (এফ ডি এ) সৃষ্টি কৰিব লাগিব। যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এফ ডি এৰ দৰে বিশ্বব্যাপী মানদণ্ড নিৰ্ধাৰণ কৰিব আৰু ফাৰ্মাচিউটিকেল সামগ্ৰীৰ ৰপ্তানি ত্বৰান্বিত কৰাত সহায় কৰিব।

তেওঁ ভাৰতৰ শীৰ্ষ ১০০ খন পৰ্যটন স্থলত ডিজিটেল স্ব-শিক্ষণ কাৰ্যসূচী প্ৰৱৰ্তন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। এই ব্যৱস্থাই ভাৰতীয় স্থাপত্যৰ ধাৰণা আৰু ঐতিহাসিক গুৰুত্বৰ ওপৰত শিক্ষা প্ৰদান কৰিব।

ভাৰতৰ পৰম্পৰাগত অৰ্থনৈতিক আৰ্হি সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে "গোলকীয় অৰ্থনীতি" আৰ্হি অনুসৰণ কৰা নাছিল। কিয়নো ভাৰত দৰিদ্ৰ পীড়িত আছিল। আমি আমাৰ প্ৰয়োজনীয়তা অনুসৰি পদক্ষেপ ল’ব বিচাৰিছিলো। আমি বুজিব লাগিব যে পুঁজিবাদৰ সীমাবদ্ধতা আছে।তেওঁ ভাৰতক এখন 'দায়িত্বশীল পুঁজিবাদী' দেশ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব বুলিও মন্তব্য কৰিছে। 


ভারতের গতানুগতিক অর্থনৈতিক মডেল সম্পর্কে মন্তব্য করে মন্ত্রী বলেন, ভারত "সার্কুলার ইকোনমি" মডেল অনুসরণ করেনি কারণ দেশটি পূর্বে দারিদ্র্যগ্রস্ত ছিল। তিনি বলেন, "আমরা চেয়েছিলাম আমাদের প্রয়োজন অনুযায়ী ব্যবহার করতে, লোভ অনুযায়ী নয়। আমাদের বুঝতে হবে, পুঁজিবাদে সীমাবদ্ধতা রয়েছে এবং ভারতকে একটি ‘দায়িত্বশীল পুঁজিবাদী’ দেশ হিসেবে প্রতিষ্ঠিত করতে হবে।"

 

নিৰ্মলা সীতাৰমণ