পেঞ্চন স্কীমত কেন্দ্ৰীয় চৰকাৰৰ যোগদান ১৪ শতাংশলৈ বৃদ্ধি

পেঞ্চন স্কীমত কেন্দ্ৰীয় চৰকাৰৰ যোগদান ১৪ শতাংশলৈ বৃদ্ধি

author-image
asomiyapratidin
New Update
পেঞ্চন স্কীমত কেন্দ্ৰীয় চৰকাৰৰ যোগদান ১৪ শতাংশলৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে৷ সোমবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অৰ্থাৎ এন পি এছত কেইবাটাও নতুন সাল সলনি কৰাৰ কথা ঘোষণা কৰে৷ এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে পেঞ্চনৰ ভাট হাৰ ১০ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি কৰা বুলি ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি এন পি এছে প্ৰদান কৰা ৬০ শতাংশ ধন টেক্স ফ্ৰী হ'ব বুলিও জানিবলৈ দিয়ে অৰুণ জেটলীয়ে৷

বিত্তমন্ত্ৰী গৰাকীয়ে কয় পেঞ্চনৰ ভাট বৃদ্ধিৰ বাবে কৰা আবেদন ৬ ডিচেম্বৰতে সদনত গৃহীত হৈছিল৷ কিন্তু কেইবাখনো ৰাজ্যত চলি থকা বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাছিল৷ এই নতুন সিদ্ধান্তৰ জৰিয়তে দেশৰ ৩৬ লাখ কৰ্মচাৰী লাভাম্বিত হ'ব বুলিও মন্তব্য কৰে অৰুণ জেটলীয়ে৷