/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/RBI.jpg)
ডিজিটেল ডেস্ক: বজাৰত পুনৰ উপলব্ধ হ'ব নতুন নোটৰ৷ এশ, পঞ্চাশ আৰু দহটকীয়া নতুন নোটৰ প্ৰচলনৰ পিছতে এইবাৰ বজাৰলৈ আহিব ২০ টকীয়া নোটও। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নৱনিযুক্ত গভৰ্ণৰ শক্তিকান্ত দাসে পদ লাভ কৰিয়েই এতিয়া বজাৰত ২০ টকীয়া নতুন নোট প্ৰচলনৰ যো-জা চলাইছে।
উল্লেখ্য যে, বিজেপি চৰকাৰৰ বিমুদ্ৰাকৰণৰ পিছতে বজাৰত মুকলি কৰা হৈছিল ২০০০ টকীয়া আৰু ৫০০ টকীয়া নোট। তাৰ পিছতে খুচুৰাৰ অসুবিধালৈ লক্ষ্য ৰাখি ২০০, ১০০ আৰু ৫০ টকীয়া নোট প্ৰচলন কৰা হয়। পৰৱৰ্তী সময়ত ইয়াৰ লগতে সংযোজন ঘটে ১০ টকীয়া নতুন নোটৰো। আনহাতে এতিয়া বজাৰলৈ পুৰণি আৰ্হিৰ ২০ টকীয়া নোটৰ বিপৰীতে নতুন ২০টকীয়া নোট মুকলি কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে।
ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০১৬ চনৰ ৩১ মার্চৰ হিচাব মতে ভাৰতত প্ৰচলিত মুঠ নোটৰ ৯.৮ শতাংশই হৈছে ২০ টকীয়া নোট। কেন্দ্ৰীয় বেংকটোৱে সদৰী কৰা মতে, ২০১৬ চনৰ ৩১ মাৰ্চত ৪৯২ কোটি টকা পুৰণি আৰ্হিৰ ২০টকীয়া নোট বজাৰত মুকলি কৰা দিয়া হৈছিল। আনহাতে ২০১৬ চনৰ নৱেম্বৰত মহাত্মা গান্ধী চিৰিজৰ নতুন ২০ টকীয়া নোট বজাৰলৈ আহে। এই নোটসমূহ পূৰণি আৰ্হিৰ নোটসমূহতকৈ যথেষ্ট পৃথক আছিল।
আনফালে, ৰিজাৰ্ভ বেংকৰ তথ্য অনুযায়ী চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে ভাৰতত ১০০০ কোটি টকা কেৱল ২০ টকীয়া নোটেই প্ৰচলন হৈ আছে। অৱশ্যে বজাৰলৈ আহিবলগীয়া ৰিজাৰ্ভ বেংকৰ নতুন ২০ টকীয়া নোট সমূহৰ আৰ্হি কেনে হ'ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।