/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/61132-rupee-ians-50.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ অচিৰেই দেশবাসীৰ হাতত পৰিব নতুন ৫০ টকীয়া নোট। ভাৰতীয় ৰিৰ্জাভ বেংকে কৰিছে এই ঘোষণা। ৰিৰ্জাভ বেংকে টুইটাৰযোগে ৰাজহুৱা কৰা এই পোষ্টত কোৱা হৈছে যে- এই নতুন ৫০ টকীয়া নোটখনত ইতিমধ্যে হস্তাক্ষৰ কৰিছে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে। এই নতুন খনৰ আকৃতি পূৰ্বৰ মহাত্মা গান্ধী সম্বলিত নোটখনৰ সমানেই।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/aaea85f5-0227-4f9a-9663-4bec8a3fb9ec.jpg)
উল্লেখ্য যে, এই ৫০ টকীয়া নোটখন মুকলি হলেও পূৰ্বৰ নোটখনৰ প্ৰচলনো অব্যাহত থাকিব। বিজেপি চৰকাৰে শাসনকালত বহু নতুন নোট প্ৰচলন কৰিলেও এই ৫০ টকীয়া নোটখনেই হ'ব গৱৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকালত মুকলি কৰা প্ৰথমখন নোট। দাসক ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল ২০১৮ চনৰ ডিচেম্বৰ মাহত।