১০ টকীয়া মুদ্ৰাৰ পাছত অচিৰেই আপোনাৰ হাতত পৰিব নতুন ২০ টকীয়া মুদ্ৰা…

১০ টকীয়া মুদ্ৰাৰ পাছত অচিৰেই আপোনাৰ হাতত পৰিব নতুন ২০ টকীয়া মুদ্ৰা…

author-image
asomiyapratidin
New Update
১০ টকীয়া মুদ্ৰাৰ পাছত অচিৰেই আপোনাৰ হাতত পৰিব নতুন ২০ টকীয়া মুদ্ৰা…

ডিজিটেল ডেস্কঃ অতি সোনকালেই ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশত মুকলি কৰিব নতুন ২০ টকীয়া মুদ্ৰা। বৰ্তমানৰ লৈকে এই মুদ্ৰাৰ আকৃতি ৰাজহুৱা কৰা নাই যদিও দেশৰ বিত্ত মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য।

প্ৰাপ্ত খবৰ অনসৰি , আন মুদ্ৰাৰ দৰে এই ২০ টকীয়া মুদ্ৰাটোৰ আকৃতি গোলাকাৰ নহব। পলিগন আকাৰত নিৰ্মাণ হ'বলগীয়া এই মুদ্ৰাটোৰ থাকিব ১২ টা কোণ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০০৯ চনৰ মাৰ্চ মাহত ভাৰতত মুকলি হৈছিল ১০ টকীয়া মুদ্ৰা। ইয়াৰ পাছতে দেশৰ কিছু স্থানত প্ৰচলন হোৱা নাছিল এই মুদ্ৰাটো। কিন্তু ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে ৰিজাৰ্ভ বেংকৰ সকলো মুদ্ৰাই দেশত প্ৰচলন হ'ব লাগিব। শেহতীয়াকৈ আদালতেও এই সন্দৰ্ভত এক ৰায় প্ৰধান কৰিছে।