বেংকৰ সকলো জৰুৰী কাম অচিৰেই কৰি লওক, কিয়নো…

বেংকৰ সকলো জৰুৰী কাম অচিৰেই কৰি লওক, কিয়নো…

author-image
asomiyapratidin
New Update
বেংকৰ সকলো জৰুৰী কাম অচিৰেই কৰি লওক, কিয়নো…

ডিজিটেল সংবাদঃ বেংকত যদি জৰুৰী কোনো কাম আছে তেন্তে অচিৰেই কৰি লওক, কিয়নো অহা ২৫ ছেপ্তেম্বৰৰ পৰা ৪ দিনৰ বাবে বন্ধ থাকিব দেশৰ প্ৰায় সকলো বেংক। দৰাচলতে নৰেন্দ্ৰ মোদী চৰকাৰে বেংক সমূহ একলগ কৰা (Bank Merger) সিদ্ধান্তৰ বিৰোধিতাৰে বেংকৰ ৪টাকৈ কৰ্মচাৰী ইউনিয়নে অহা ২৫ ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈ ধৰ্মঘটৰ সিদ্ধান্ত লৈছে।

Advertisment

উল্লেখযোগ্য যে শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১০টাকৈ চৰকাৰী বেংকৰ সন্মিলিতকৰণৰ কৰাৰ কথা ঘোষণা কৰিছিল। যদি এই আঁচনি দেশত কাৰ্যকৰী হয় তেন্তে চৰকাৰী বেংকৰ সংখ্যা ২৭টাৰ পৰা কমি আহি হব মাথোঁ ১২টা হ'ব।

কৰ্মচাৰীসকলৰ মতে এই ব্যৱস্থাত যথেষ্ট খেলি-মেলিৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন বেংকত একাউন্ট থকা লোকসকলো অসুবিধাৰ সন্মুখীন হব। উল্লেখ্য যে, ২৫-২৭ ছেপ্তেম্বৰলৈ ৩ দিন ধৰ্মঘটৰ লগতে ২৮ ছেপ্তেম্বৰত চতুৰ্থটো শনিবাৰৰ বাবে মুঠ ৪ দিন বন্ধ থাকিব বেংক। কৰ্মচাৰীসকলৰ মতে যদিহে দাবী পূৰণ কৰা নহয় তেনেহ'লে নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা তেওলোক অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিব।