/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/myntra.jpg)
ডিজিটেল ডেস্কঃ ফ্লিপকাৰ্টৰ স্বত্বাধীকাৰীত্বৰ ফেশ্বন আৰু সৌন্দৰ্যৰ অনলাইন এপ মিন্ট্ৰাক মুম্বাইৰ এগৰাকী নাৰী কৰ্মীয়ে আৰক্ষীৰ চাইবাৰ বিভাগত এক গোচৰ ৰুজু কৰাৰ পিছত নিজৰ ল'গ'টোৰ ডিজাইন সলনি কৰাৰ কাম আৰম্ভ কৰিছে। নাৰী কৰ্মী গৰাকীয়ে অভিযোগ কৰিছিল যে, মিন্ট্ৰাৰ ল'গ'টোৱে মহিলাৰ প্ৰতি অপমানসূচক ইংগিত বহন কৰিছে আৰু এই ল'গ'টোৱে এগৰাকী নগ্ননাৰীৰ চৰিত্ৰক প্ৰতিনিধিত্ব কৰিছে।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আভেষ্টা ফাউনডেশ্যন নামৰ এক বেচৰকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক নাজ পেটেলে এই বিষয় সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল। তেওঁ এই ল'গ'টো শীঘ্ৰে আঁতৰাবৰ বাবে আবেদন কৰাৰ লগতে কোম্পানীটোৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ বাবেও আবেদন কৰিছিল।
ৰা্ষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই পৰৱৰ্তী সময়ত কোম্পানীটোক এই বিষয়ে অৱগত কৰি মিন্ট্ৰালৈ এটা ইমেইল প্ৰেৰণ কৰে। মিন্ট্ৰাই উত্তৰ দিছিল যে তেওঁলোকে এমাহৰ ভিতৰত সলনি কৰিব তেওঁলোকৰ ল'গ'ৰ ডিজাইন।
উল্লেখ্য যে, সামাজিক মাধ্যম যোগে বৰ্তমান সময়ছোৱাত খুৱেই চৰ্চিত হৈছে বিষয়টো। বহুতে মন্তব্য কৰিছে যে, তেওঁলোকে কোম্পানীটোৰ মিন্ট্ৰাৰ ল'গ'টোত তেনে কোনো ছবি দেখিবলৈ পোৱা নাই।